
নিউজ ডেস্কঃ দিল্লী বনাম অসমৰ শিক্ষা মডেলক লৈ কিছুদিন পূৰ্বে তীব্ৰ বিতৰ্কৰ সূচনা হৈছিল অসমত।
অসমৰ শাসকীয় দলৰ বহু নেতা-মন্ত্ৰী-বিধায়কে সকলো সম্ভৱ প্ৰকাৰে দিল্লীতকৈ অসমৰ শিক্ষা মডেল ভাল বুলি দাবী কৰিছিল।
মাধ্যম বিতৰ্কৰ মাজত শিক্ষা মডেলক লৈ চলা এই চৰ্চাৰ মাজতে অসমৰ নেতা-মন্ত্ৰীৰ মুখত পুনৰ এবাৰ ক’লা ছাই সানিলে দিল্লীৰ শিক্ষা মডেলে।
শেহতীয়াকৈ প্ৰকাশ পোৱা ২০২২-২৩ বৰ্ষৰ স্কুল ৰেংকিঙৰ তালিকাত শীৰ্ষ ১০ খন বিদ্যালয়ৰ ভিতৰত দিল্লীৰ ৫ খনকৈ বিদ্যালয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
লক্ষণীয়ভাৱে অসমৰ মন্ত্ৰী-বিধায়কে দাবী কৰা অসমৰ শিক্ষা মডলেৰ এখনো বিদ্যালয়ে স্থান লাভ কৰিবলৈ সক্ষম নহ’ল এই তালিকাত।

স্কুল ৰেংকিঙৰ তালিকাৰ প্ৰথম স্থান দখল কৰিছে দিল্লীৰ ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়, ছেক্টৰ ১০ দ্বাৰকাই। দ্বিতীয় স্থানত আছে ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়, যমুনা বিহাৰ(দিল্লী)।
আনহাতে এই তালিকাৰ তৃতীয় স্থান লাভ কৰিছে কেৰালাৰ জিভিএইচএছএছ ফ’ৰ গাৰ্লছ, নাডাক্কাভু কোঝিকোড়ে।
একেদৰে চতুৰ্থ স্থানত আছে মুম্বাইৰ ৱৰ্লী ছিফেচ মুম্বাই পাব্লিক ইংলিছ স্কুল। পঞ্চম স্থানত ওড়িশাৰ গঞ্জামৰ ওড়িশা আদৰ্শ বিদ্যাপীঠ, হাতীমোতা।
Proud of my Team Education
— Arvind Kejriwal (@ArvindKejriwal) October 12, 2022
Once again,Delhi Govt Schools top the Education World School Rankings, with the best state govt school in India, and 5 of top 10 state govt schools of the country being from Delhi
Congratulations to Team Education on this amazing feat. pic.twitter.com/ePhUYHhZG5
স্কুল ৰেংকিঙৰ তালিকাৰ ষষ্ঠ স্থানত কলকাতাৰ যাদৱপুৰ বিদ্যাপীঠ, সপ্তম স্থানত চণ্ডীগড়ৰ গৰ্ভাণ্টমেণ্ট মডেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, মনিমাজৰাই স্থান লাভ কৰিছে।
অষ্টম স্থানত চণ্ডীগড়ৰে গৰ্ভাণ্টমেণ্ট মডেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ছেক্টৰ ১৬-এ।
অন্যহাতে নৱম স্থানত আছে দিল্লীৰ দুখন আৰু ভূপালৰ এখন বিদ্যালয়। তালিকাৰ দশম স্থান দখল কৰিছে দিল্লীৰ সুৰজমল বিহাৰৰ ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়ে।