নিউজ ডেস্কঃ বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয়ৰ ভূমিক লৈ অভিযোগ উত্থাপন কৰি নিজৰ বিপদ নিজেই চপাই ল’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
মহানগৰীৰ ঘোঁৰামাৰা চাৰিআলিৰ নিৰিবিলি পথত নিৰ্মাণ কৰা ভূপেন বৰাৰ এটা অট্টালিকাৰ এনঅ’চি দাখিল কৰিবলৈ কংগ্ৰেছ নেতাগৰাকীক জাননী জাৰি কৰিছে গুৱাহাটী পৌৰ নিগমে।
ভাস্কৰজ্যোতি কুমাৰ আৰু হীৰেণ ভট্ট নামৰ দুজন ব্যক্তিয়ে ভূপেন বৰাৰ এই বাসগৃহ অবৈধভাৱে নিৰ্মাণ কৰা বুলি এজাহাৰ দাখিল কৰাৰ পিছতে এই জাননী জাৰি কৰে জিএমচিয়ে।
জিএমচি কৰ্তৃপক্ষই অহা তিনিদিনৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক তেওঁৰ উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে, মহানগৰীৰ বশিষ্ঠত বিজেপিয়ে নিৰ্মাণ কৰা প্ৰাসাদোপম কাৰ্যালয়টো বান গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে আৱণ্টন কৰা ভূমিত নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল ভূপেন বৰাই।
এই অভিযোগৰ পিছতে তেওঁৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছে বিজেপিৰ নেতা-মন্ত্ৰী বিধায়কে।
ভূপেন বৰাৰ অগণন অবৈধ সম্পত্তি থকা বুলি প্ৰত্যাভিযোগ উত্থাপন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে শাসকীয় দলৰ নেতাই।









