
নিউজ ডেস্কঃ মা- এক অনন্য শব্দ। পৃথিৱীৰ কোনো সুখানুভূতিৰে তুলনা কৰিব নোৱাৰা মাতৃৰ মমতাই ইতিমধ্যে সৃষ্টি কৰিছে বহু কালজয়ী গীত, নাটক, চিনেমাৰ।
মাতৃস্নেহৰ এনে এক ঘটনাই শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। যি কাহিনীয়ে দুচকু সেমেকাই তুলিছে লাখ লাখ নেট ব্যৱহাৰকাৰীৰ।
বিক্ৰম নামৰ এগৰাকী ব্যক্তিয়ে টুইটাৰত শ্বেয়াৰ কৰিছে মাতৃস্নেহৰ এটা অনন্য কাহিনী।
অলপতে মৃত্যু ঘটা তেওঁৰ মাতৃয়ে বিগত ২৪ বছৰে খাদ্য গ্ৰহণ কৰা কাঁহীখনৰ ৰহস্য প্ৰকাশ কৰি লিখিছে এই আবেগিক কাহিনী।
বিক্ৰমে প্ৰকাশ কৰা মতে, তেওঁৰ মাতৃয়ে জীৱিত কালত একেখন সৰু কাঁহীতে ২৪ বছৰ ধৰি আহাৰ খাইছিল। সেই কাঁহীখনতেই কেতিয়াবা তেওঁক আৰু ভতিজী শ্ৰুতিকো খাবলৈ দিছিল।
কিন্তু এতিয়া মাতৃৰ মৃত্যুৰ পিছতহে তেওঁ জানিব পাৰিছে যে আচলতে মাতৃয়ে কিয় খানা খাবলৈ কেৱল সেইখন কাঁহীহে ব্যৱহাৰ কৰিছিল।
This is Amma's plate.. she used to eat in this for the past 2 decades.. it's a small plate.. she allowed only myself and chulbuli (Sruthi, my niece) only to eat in this other than her.. after her demise only I came to know through my sister, that this plate was a prize won by me pic.twitter.com/pYs2vDEI3p
— Vikram S Buddhanesan (@vsb_dentist) January 19, 2023
দৰাচলতে বিক্ৰমে প্ৰকাশ কৰা মতে, ১৯৯৯ চনত যেতিয়া সপ্তম শ্ৰেণীত পঢ়ি আছিল, সেই সময়ত এক প্ৰতিযোগিতা তেওঁ পুৰস্কাৰ হিচাপে লাভ কৰিছিল এই কাঁহীখন।
পুত্ৰৰ সেই জয়ৰ আনন্দকে প্ৰতিদিন জীপাল কৰিবলৈ বিগত ২৪ বছৰে সেই কাঁহীখনত আহাৰ গ্ৰহণ কৰিছিল বিক্ৰমৰ মাতৃয়ে।
সামাজিক মাধ্যমত বিক্ৰমে শ্বেয়াৰ কৰা এই কাহিনীত পৰিস্ফূত মাতৃস্নেহে এতিয়া ভাবুক কৰি তুলিছে অনেকক।