মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটঃ গুৱাহাটীত উপস্থিত শিৱসেনাৰ ৪০ বিসম্বাদী বিধায়ক…

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট, গুৱাহাটীত উপস্থিত মহাৰাষ্ট্ৰৰ ৪০ বিসম্বাদী বিধায়ক।
গুজৰাটৰ চুৰাটৰ পৰা গুৱাহাটী পালে মহাৰাষ্ট্ৰৰ বিসম্বাদী ২২ মন্ত্ৰী- বিধায়ক।
একনাথ সিন্ধেৰ নেতৃত্বত গুৱাহাটীত বাহৰ পাতিছে মন্ত্ৰী বিধায়ক সকলে।
বৰঝাৰ বিমান বন্দৰত তেওঁলোকক আদৰণি জনাই বিজেপি বিধায়ক সুশান্ত বিশ্ব শৰ্মা আৰু সাংসদ পল্লৱ লোচন দাসে।
বৰ্তমান তেওঁলোকক কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত হোটেল ৰেডিচন ব্লুত ৰখা হৈছে।
একনাথ সিন্ধে কয় যে, তেওঁলোকে শিৱসেনা ত্যাগ নকৰে কিন্তু বালচাহাবৰ হিন্দুত্বক আগবঢ়াব।
আনহাতে অন্য এগৰাকী বিধায়কে কৈছে যে তেওঁ কেৱল বিৰিয়ানী খাবলৈহে আহিছে।
উল্লেখ্য যে, একনাথ সিন্ধে দাবী কৰা অনুসৰি তেওঁৰ সমৰ্থনত প্ৰায় ৪০ গৰাকী মন্ত্ৰী বিধায়ক আছে।
অৱশ্য়ে অন্য কোনো ধৰণৰ ৰাজনৈতিক ৰণনীতি সন্দৰ্ভত তেওঁ মত পোষণ কৰা নাই।
ইফালে, মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে বুধবাৰে দুপৰীয়া ১ বজাত কেবিনেট বৈঠক আহ্বান কৰিছে।