fbpx
অসমীয়াঅসম

মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড! ঘাতক বন্দনা কলিতাক ৬ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ…

নিউজ ডেস্কঃ মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাক ৬ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ।

বুধবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে বন্দনা কলিতাক।

ইফালে সোমবাৰে আদালতে ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ আন দুজন অভিযুক্ত অৰূপ ডেকা আৰু ধনটি ডেকাক।

সম্প্ৰতি নুনমাটি আৰক্ষী থানাৰ জিম্মাত আছে দুয়োজন অভিযুক্ত।

উল্লেখ্য যে, বন্দনা কলিতাই অৰূপ আৰু ধনটিৰ সহযোগত বিগত বৰ্ষৰ জুলাই আৰু আগষ্টত হত্যা কৰিছিল শাহু শংকৰী দে’ আৰু স্বামী অৰূপজ্যোতি দে’ক।

২৬ জুলাইত শাহু শংকৰী দে’ক হত্যা কৰাৰ পিছত ১৭ আগষ্টত প্ৰেমিক ধনটিৰ সহযোগত বন্দনাই হত্যা কৰিছিল স্বামী অৰূপজ্যোতিক।

ইয়াৰ পিছতে দুয়োৰে মৃতদেহ টুকুৰা টুকুৰকৈ কাটি পেলাই দিছিল মেঘালৰ ডাউকীৰ খাৱৈত।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত তিনিজনক লগত লৈ চলোৱা অভিযানত উদ্ধাৰ হৈছে খাৱৈত পেলাই দিয়া মাতৃ-পুত্ৰৰ মৃতদেহৰ অংগ।

Related Articles

Back to top button