fbpx
অসমঅসমীয়া

মই মদ খােৱা নাছিলােঁ! নিজকে নিৰ্দােষী বুলি দাবী ডিআই চালক অভিজিৎ গগৈৰ

নিউজ ডেস্ক। চালকে নহয়, বিহুৱা দলটোৱেহে সেইদিনা কৰি আছিল সুৰাপান, যাৰ বাবে সংঘটিত হ’ল বিশ্বনাথৰ দুৰ্ঘটনা! আত্মসমৰ্পণকাৰী চালকৰ প্ৰত্যাভিযোগে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া।

বিহুৰ উছাহত দুখৰ ৰং সনা বিশ্বনাথ জিলাৰ টকৌবাৰী ৰঙাজানৰ শোকাবহ দুৰ্ঘটনাৰ পিছত আজি আত্মসমৰ্পণ কৰিলে দুৰ্ঘটনাত পতিত বাহনখনৰ চালক অভিজিত গগৈয়ে।

G4 13

দুৰ্ঘটনাৰ পিছতে পলায়ন কৰা চালক অভিজিত গগৈয়ে আত্মসমৰ্পণ কৰি তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা সুৰামত্ত হৈ বাহন চলোৱাৰ অভিযোগ অস্বীকাৰ কৰে।

বিহুৱা দলটোৱে জোৰ কৰি সেইদিনা তেওঁক লৈ গৈছিল বুলি মন্তব্য কৰি চালকজনে লগতে দাবী কৰে যে এই দুৰ্ঘটনাৰ কাৰণ আছিল বিহুৱা দলটোহে।

উল্লেখ্য যে, উত্তৰ কাৰিবিল আৰু পুৰণি গেৰেজ গাঁৱৰ এটি প্ৰায় ২০ জনীয়া বিহুৱা দলে হুঁচৰি গাই উভতি অহাৰ পথতে শনিবাৰে সংঘটিত হৈছিল শোকাবহ দুৰ্ঘটনা।

এটা কেঁকুৰি ঘূৰিবলৈ লোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই এএছ ২৫ডিচি ৭৪৮১ নম্বৰৰ দ্ৰুতবেগী বলে’ৰ পিক-আপ ভানখনে লুটি খাই পথৰ দাঁতিৰ পথাৰত বাগৰি পৰে। যাৰ ফলত বিহুৱা দলটোৰ ৩ কিশোৰীসহ ৫ জনৰ মৃত্যু ঘটাৰ লগতে বাকী কেইবাজনো গুৰুতৰভাৱে আহত হয়।

এই শোকাবহ দুৰ্ঘটনা একমাত্ৰ বাহন চালকে সুৰামত্ত অৱস্থাত গাড়ী চলোৱাৰ বাবেই সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হয়। তাৰ পিছতে সোমবাৰে আত্মসমৰ্পণ কৰা চালকজনে ওলোটাই অভিযোগ কৰে যে সেইদিনা বিহুৱা দলটোহে সুৰামত্ত হৈ আছিল।

বিহুৱা দলটোৱে সুৰাৰ ৰাগীত গাড়ীৰ ভিতৰত চিঞৰ বাখৰ কৰাৰ লগতে গাড়ীখন লৰাই দিয়াত ঢৌ খাই বাগৰি পৰা বুলিও দাবী কৰে চালক অভিজিত গগৈয়ে।

অভিযুক্ত চালকজনে লগতে দাবী কৰে যে তেওঁ যদি মদ্যপান কৰিলেহেঁতেন, তেন্তে পথৰ দাঁতিৰ গছ বা আন ক’ৰবাতহে খুন্দিয়ালে হেঁতেন, কিন্তু গাড়ীখন উলটি খাই পৰাটোৱে প্ৰমাণ যে তেওঁ সুৰাপান কৰা নাছিল।

বাহন চালকৰ এই প্ৰত্যাভিযোগ আৰু দাবীয়ে শোকাবহ দুৰ্ঘটনাটোক লৈ সৃষ্টি কৰিছে ৰহস্যৰ। কোন সঁচা, কোন মিছা আৰু দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ কি, সেয়া আৰক্ষীৰ তদন্তইহে স্পষ্ট কৰিব বুলি মন্তব্য কৰিছে অনেকে।

লগতে চাওকঃ

আজব ঘটনা! SBI ৰ শাখাৰ পৰা চুৰি হ’ল ১১ কোটি টকাৰ খুচুৰা পইচা! তদন্তত নামিল CBI

G2 19

Related Articles

Leave a Reply

Back to top button