fbpx
অসমীয়াঅসম

ভয়কংৰ কাণ্ড! মদৰ ৰাগীত পতি-পত্নীৰ কাজিয়া, পুৱা উদ্ধাৰ হ’ল স্বামীৰ মৃতদেহ

নিউজ ডেস্কঃ সুৰাৰ ৰাগীত কাজিয়াত লিপ্ত হোৱাৰ ভয়ংকৰ পৰিণতি। সুৰাসক্ত পত্নীৰ আক্ৰমণ প্ৰাণ গ’ল স্বামীৰ।

এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে মঙলদৈৰ বালিপোতাৰ সমীপৰ কছাৰীপাৰাত। হত্যাকাণ্ডক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, অইন দিনাৰ দৰে সুৰাপান কৰি মঙলবাৰে নিশাও কাজিয়াত লিপ্ত হৈছিল গাঁওখনৰ নিৱাসী প্ৰফুল্ল বড়ো আৰু ৰজিতা বড়ো নামৰ দম্পতীহালে।

photo1654682850

নিশা দুয়ো পতি-পত্নীয়ে মদ্যপান কৰাৰ পিছত দুয়োৰে মাজত কিবা কথাক লৈ কাজিয়াৰ সূত্ৰপাত ঘটে। এই কাজিয়াই পৰৱৰ্তী সময়ত মাৰপিটৰ ৰূপ লয়।

ইয়াৰ পিছতে বুধবাৰে পুৱা নিজ ঘৰত উদ্ধাৰ হয় প্ৰফুল্ল বড়োৰ মৃতদেহ। পত্নী ৰজিতা বড়োৱে নিশা মদৰ নিচাত স্বামীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে হত্যাৰ অভিযোগত ৰজিতা বড়োক আটক কৰি থানালৈ লৈ আনে।

ইফালে স্থানীয় লোকে জানিবলৈ দিয়া মতে, পূৰ্বেই মদ্যপান কৰি এনেদৰে কাজিয়াত লিপ্ত হৈ আহিছিল দম্পতীহালে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!