fbpx
অসমীয়াৰাষ্ট্ৰীয়

ভয়ংকৰ! বস্ত্ৰ কাৰখানাত নিৰ্গত বিষাক্ত গেছ, শতাধিক লোক অসুস্থ

নিউজ ডেস্কঃ অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ সমীপৰ এটা বস্ত্ৰ কাৰখানাত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত কাৰখানাটোত কৰ্মৰত শতাধিক লোক অসুস্থ হৈ পৰে।

জানিব পৰা মতে, বিশাখাপট্টনমৰ আনাকাপালে জিলাৰ বাণিজ্যিক এলেকাৰ ব্ৰেণ্ডিক্স নামৰ এটা কাপোৰৰ কাৰখানাত নিৰ্গত হয় বিষাক্ত গেছ। যাৰ ফলত কাৰখানাটোত সেই সময়ত কাম কৰি থকা ১২১ জন কৰ্মচাৰী অসুস্থ হৈ পৰে। অসুস্থ সকলোকে অচুঠাপুৰম জিলাৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

image 25

ইফালে এই দুৰ্ঘটনাৰ পিছতে প্ৰশাসনে বন্ধ কৰি দিয়ে বস্ত্ৰ কাৰখানাটো। অন্ধ্ৰ প্ৰদেশৰ মন্ত্ৰী জি অমৰনাথে বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোক সকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।

বাতৰি অনুসৰি, মঙলবাৰে কাৰখানাটোত কৰ্মৰত অৱস্থাত হঠাতে শ্ৰমিকসকলে অসুস্থ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। উশাহ লোৱাত কষ্ট পোৱাৰ লগতে তেওঁলোকৰ বমি আৰু মূৰ ঘূৰোৱাও আৰম্ভ হয়। তেতিয়াই গেছ লিক হোৱাৰ বিষয়টো কাৰখানা কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয়।

image 26

ইয়াৰ পিছতে অসুস্থ শ্ৰমিক সকলক হাস্পতালত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে, সেই সময়ত কাৰখানাটোত ৪০০ কৰ্মচাৰীয়ে কাম কৰি আছিল। বিষাক্ত গেছৰ ফলত অসুস্থ হৈ পৰা অধিকাংশ কৰ্মচাৰীয়েই মহিলা বুলি জানিব পৰা গৈছে।

ইফালে, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বতাহৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিলৈ প্ৰেৰণ কৰা হয়। প্ৰাথমিক প্ৰতিবেদন অনুসৰি বিষাক্ত গেছৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!