বোকাখাটত ৰাজপথত বাইকসহ জ্বলি ভস্মীভূত হল এজন যুৱক।
জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু বিজয় বাহাদুৰ ছেত্ৰী নামৰ বাইক আৰোহীজনৰ। দুৰ্ঘটনাত মৃত্যু আন এজন লোকৰো।
বুধবাৰে পুৱতিনিশা বোকাখাটৰ লতাবাৰীৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

জানিব পৰা মতে, অৰুণাচলৰ পৰা নগাঁও অভিমুখে আহি থকা এএছ ০৬ডিচি ৫৪২৯ নম্বৰৰ এখন বলেৰ’ পিক-আপ ভেনে বিপৰীত দিশৰ পৰা আহি থকা এএছ ১২এএ ৫৫৯৩ নম্বৰৰ এখন পালচাৰ বাইকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
এই দুর্ঘটনাত ৰাজপথৰ ওপৰতে বাইকখনত জুইৰ সূত্ৰপাত হয়। যি জুইত জ্বলি ভস্মীভূত হয় বাইক আৰোহী ঢেকীয়াজুলীৰ বিজয় বাহাদুৰ ছেত্ৰী নামৰ যুৱকজন।

আনহাতে দুৰ্ঘটনাত বিজয় লামা নামৰ ডিমাপুৰৰ ডিফুপাৰা আন এজন লোক নিহত হয়।
ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বলেৰ’ বাহনখনৰ চালকজনে।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰাৰ লগতে পলাতক বাহন চালকজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।
লগতে চাওকঃ
দিন দুপৰতে কলেজীয়া ছাত্ৰীক হত্যা ‘ব্যর্থ’ প্ৰেমিকৰ
