গুৱাহাটীত ফুটবল ক্ৰীড়াংগনৰ দাবীৰে চলা প্ৰতিবাদলৈ সমৰ্থন কিংবদন্তি ফুটবলাৰ বাইচুং ভূটীয়াৰ

ক্ৰীড়াৰ ৰাজধানী গুৱাহাটীত নাই এখনো ফুটবল ক্ৰীড়াংগণ! যাৰ বাবে গুৱহাটীত ফুটবল খেলপথাৰৰ দাবীত যোৱা ২০ ফেব্ৰুৱাৰীত এক প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যৰ পাঁচ শতাধিক ফুটবলাৰে।

শেহতীয়াকৈ গুৱাহাটীত ফুটবল খেলপথাৰৰ দাবীত সাব্যস্ত কৰা প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাইছে ভাৰতৰ কিংবদন্তি ফুটবলাৰ তথা ভাৰতীয় ৰাষ্ট্ৰীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই।

1 2 3
গুৱাহাটীত ফুটবল ক্ৰীড়াংগনৰ দাবীৰে চলা প্ৰতিবাদলৈ সমৰ্থন কিংবদন্তি ফুটবলাৰ বাইচুং ভূটীয়াৰ 5

সোমবাৰে এক টুইটযোগে আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰগৰাকীয়ে ফুটবলৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত দুখ ব্যক্ত কৰাৰ লগতে গুৱাহাটীত ফুটবল খেলপথাৰৰ দাবীত চলা প্ৰতিবাদৰ প্ৰতি তেওঁৰ সমৰ্থন আগবঢ়ায়।

উল্লেখ্য যে, ক্ৰীড়াৰ ৰাজধানীৰূপে পৰিচিত গুৱাহাটীত আজিলৈকে নিৰ্মাণ নহ’ল এখনো ফুটবল খেলপথাৰ।

2 2 1
গুৱাহাটীত ফুটবল ক্ৰীড়াংগনৰ দাবীৰে চলা প্ৰতিবাদলৈ সমৰ্থন কিংবদন্তি ফুটবলাৰ বাইচুং ভূটীয়াৰ 6

ৰাজ্যখনত খেলৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে গুৱাহাটীত ফুটবলৰ খেলপথাৰ গঢ়ি তোলাৰ দাবীৰে যোৱা ২০ ফেব্ৰুৱাৰীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫ শতাধিক ফুটবলাৰে।

সদৌ অসম ফুটবল খেলুৱৈ সন্থাৰ সভাপতি হেম দাসে কয় যে ফুটবল খেলাৰ বাবে গুৱাহাটীত এখনো খেলপথাৰ বাকী নাই। আনহাতে গুৱাহাটী চহৰত এখনো ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত নকৰাকৈ এতিয়া ফুটবলৰ প্ৰশিক্ষণো চৰম দুৰ্যোগৰ মাজত সোমাই পৰিছে বুলি মন্তব্য কৰে হেম দাসে।

5 1
গুৱাহাটীত ফুটবল ক্ৰীড়াংগনৰ দাবীৰে চলা প্ৰতিবাদলৈ সমৰ্থন কিংবদন্তি ফুটবলাৰ বাইচুং ভূটীয়াৰ 7

অসম ফুটবল খেলুৱৈ সন্থাৰ সভাপতিগৰাকীয়ে লগতে কয় যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী, গুৱাহাটী চুপাৰ ডিভিজন লীগ আৰু অন্যান্যৰ দৰে প্ৰতিষ্ঠিত ফুটবল খেলসমূহ খেলপথাৰৰ উপলব্ধতা নোহোৱাৰ বাবে আয়োজন কৰিব পৰা হোৱা নাই।

তেওঁ চৰকাৰক ক্ৰিকেটৰ সলনি ফুটবলৰ বাবে নেহৰু ষ্টেডিয়াম উৎসৰ্গা কৰিবলৈ আহ্বান জনায়। হেম দাসে কয় যে মহানগৰীত ক্ৰিকেটৰ বাবে অনেক খেলপথাৰ আছে যদিও ফুটবলৰ বাবে এখনো নাই।

লতাশিল খেলপথাৰ, জজ ফিল্ড, মালিগাঁও ষ্টেডিয়াম, বৰ্ষাপাৰা ষ্টেডিয়াম আদি সকলোবোৰ কেৱল ক্ৰিকেট খলৰ বাবে মুকলি কৰি দিয়া হৈছে।

8 1
গুৱাহাটীত ফুটবল ক্ৰীড়াংগনৰ দাবীৰে চলা প্ৰতিবাদলৈ সমৰ্থন কিংবদন্তি ফুটবলাৰ বাইচুং ভূটীয়াৰ 8

এনে পৰিপ্ৰেক্ষিতত নেহৰু ষ্টেডিয়াম আৰু জজ খেলপথাৰত ফুটবল খেল আৰম্ভ কৰি অসমত ফুটবল খেলৰ পৰিৱেশ গঢ়ি তুলিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় প্ৰতিবাদী ফুটবলাৰসকলে।

Leave a Comment