অসম

ভয়ংকৰ দুৰ্ঘটনা! প্ৰাতঃভ্ৰমনত যোৱা দম্পতীক মহতিয়াই নিলে তীব্ৰ বেগী ছুইফটে, স্বামী-স্ত্ৰীৰ মৃত্যু…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

প্ৰাতঃভ্ৰমনত যোৱা দম্পতীক মহতিয়াই নিলে তীব্ৰ বেগী ছুইফ্ট ডিজেয়াৰ বাহনে।

দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃত্যুক আকোৱালি লয় দম্পতীটোৱে।

কাৰ্বি আংলঙৰ ডকমকা আৰক্ষী থানা অন্তৰ্গত শিলধৰমপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱাতেই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

হৰি তাৰ’ গাঁৱৰ পৰা শিলধৰমপুৰৰ পথলৈকে প্ৰাতঃভ্ৰমনৰ বাবে ওলাই অহাৰ সময়তে ডিফুৰ ফালৰ পৰা গুৱাহাটী অভিমুখী থকা AS-01, EV, 9414 নম্বৰযুক্ত তীব্ৰ বেগী মাৰুতি ছুইফ্ট ডিজায়াৰ বাহনখনে দম্পতীটোক মহতিয়াই নিয়ে।

ফলত থিতাতে নিহত হয় চেৰীকালচাৰ বিভাগৰ A E E O দিলীপছন ৰংফাৰ।

আনহাতে আহত পত্নী নিশা ৰংপীৰ অৱস্থা অতি সংকটজনক হোৱাত ডকমকা চিকিতসালয়ৰ পৰা উন্নত চিকিতসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা যদিও নগাওঁ বাই-পাছ পাওঁতেই মৃত্যু হয়।

ইতিমধ্যে, ডকমকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দূৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ লগতে বাহনখনত থকা চালকসহ চাৰি যাত্ৰীক আটক কৰে।

Related Articles

Back to top button