ধনৰ মোনা লৈ পলাব লওঁতেই ৰাইজে খেদি-খেদি ধৰিলে বহিঃৰাজ্যৰ চিলনী চোৰক, দিলে উত্তম-মধ্যম…

ধনৰ মোনা লৈ পলাব লওঁতেই ৰাইজে খেদি-খেদি ধৰিলে বহিঃৰাজ্যৰ চিলনী চোৰক।

ধুবুৰীৰ এগৰাকী শিক্ষয়িত্ৰীৰ হাতত পৰা ধনৰ মোনা লৈ পলাবলৈ চেষ্টা কৰা বহিঃৰাজ্যৰ এজন চিলনী চোৰক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে।

জানিব পৰা মতে, চহৰখনৰ ব্যস্ত ৰাজপথ এটাৰ গাতে লাগি থকা ইউনিয়ন বেংকৰ একাউণ্টৰ পৰা দক্ষিণ শালমাৰাৰ ১৪৪৫নং কলাবাৰী জেবি স্কুলৰ প্রধান শিক্ষয়িত্রী ময়না বেগমে স্বামীক লগত লৈ বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে চৰকাৰে প্ৰদান কৰা ধনৰাশিৰ তিনি লাখ টকা উঠাইছিল।

বেংকৰ পৰা ওলাই অহাৰ পিছত অকস্মাতে শিক্ষয়িত্ৰীগৰাকীৰ হাতত থকা ধনৰ মোনাখন থাপ মাৰি লৈ পলাবলৈ চেষ্টা কৰে এজন অচিনাকি যুৱকে।

ঘটনাটোত হতভম্ব হৈ পৰা শিক্ষয়িত্রী আৰু তেওঁৰ স্বামীয়ে চিঞৰ-বাখৰ কৰাত অঞ্চলটোৰ একাংশ লোকে খেদি খেদি চিলনী চোৰটোক কৰায়ত্ত কৰে।

লগতে উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে।

ধৃত চিলনী চোৰটো পশ্চিমবংগৰ কোচবিহাৰৰ ৰাজাবাৰীৰ সমীৰ শ্বাহ বুলি জানিব পৰা গৈছে।