
নিউজ ডেস্ক। এক অনাকাংক্ষিত ঘটনাক লৈ শনিবাৰে নিশাৰ পৰাই উত্তাল হৈ পৰিছে পঞ্জাবৰ চণ্ডীগড় বিশ্ববিদ্যালয়।
পঞ্জাৱৰ মােহালী স্থিত চণ্ডীগড় বিশ্ববিদ্যালয়ত অধ্যনয়ৰত এগৰাকী ছাত্ৰীয়ে ৬੦ গৰাকীৰাে অধিক সহপাঠীৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ড কৰি ইন্টাৰনেটত বিয়পাই দিয়াৰ পিছতে প্ৰতিবাদত উত্তাল হৈ পৰিছে বিশ্ববিদ্যালয়ৰ চৌহদ।

অভিযােগ অনুসৰি, বিশ্ববিদ্যালয়ত অধ্যয়নৰত ৬০ গৰাকী ছাত্ৰীৰ গা ধুই থকা অৱস্থাত ভিডিঅ’ ৰেকৰ্ড কৰিছিল অভিযুক্ত ছাত্ৰীগৰাকীয়ে।
ইয়াৰ পিছতে হিমাচল প্ৰদেশৰ ছিমলাৰ এজন বন্ধুলৈ প্ৰেৰণ কৰে ভিডিঅ’সমূহ।
ইয়াৰ পিছতে এই ভিডিঅ’সমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।
A female student recorded videos of 60+ females while bathing & made it viral.
— Ankur🇮🇳™ (@unapologeticAnk) September 17, 2022
3 girls in #ChandigarhUniversity & attempted suîcide today and 1 of them is deceased.
Management is acting very carelessly on this incident & wants to suppress it for the reputation of the college. pic.twitter.com/JWwGf1jEeX
এই ঘটনা পােহৰলৈ অহাৰ পিছতে বিশ্ববিদ্যালয়খনৰ ৮ জনকৈ ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা চলায় বুলি জানিব পৰা গৈছে।
ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
এই জঘন্যতম ঘটনাৰ অভিযুক্ত ছাত্ৰীগৰাকীক ইতিমধ্যে জেৰা চলাইছে আৰক্ষীয়ে।
আৰক্ষীৰ জেৰাত ঘটনাক লৈ বহু বিস্ফােৰক তথ্য প্ৰকাশ কৰিছে অভিযুক্ত ছাত্ৰীগৰাকীয়ে।
ইপিনে, এই ঘটনাই সমগ্ৰ দেশজুৰি তীব্ৰ জােকাৰণি তুলিছে।
ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি কঠােৰ ব্যৱস্থা লােৱাৰ দাবীৰে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে পৰিয়ালৰ লােকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।