fbpx
অসমীয়াঅসম

ভুৱন পাহাৰত শিৱৰাত্ৰী উদযাপন কৰিবলৈ গৈ অঘটন! ২ শিৱভক্ত যুৱকে সাৱটিলে মৃত্যুক…

নিউজ ডেস্কঃ কাছাৰ জিলাৰ শৈৱ তীৰ্থ ভুৱন পাহাৰত শিৱ চতুৰ্দশী উদযাপন কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল দুই শিৱভক্ত যুৱকে।

জানিব পৰা মতে, কাছাৰ জিলাৰ ধলাই বজাৰৰ নিৱাসী ৰঞ্জিত পাল নামৰ যুৱকজনে পাহাৰ বগাই থকাৰ সময়তে হৃদৰোগত আক্ৰান্ত হয়।

লগে লগে যুৱকজনক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইফালে শনিবাৰে ভুৱন পাহাৰ বগোৱাৰ সময়তে সন্ধানহীন হৈ পৰে বুদ্ধিমান ৰী নামৰ আন এজন যুৱক।

তাৰ পিছতে যুৱকজনৰ সন্ধানত অভিযান চলোৱাত দেওবাৰে পাহাৰৰ খাৱৈত উদ্ধাৰ হয় মৃতদেহটো।

আৰক্ষীয়ে সন্দেহ কৰা মতে, নিশা পাহাৰৰ পৰা নামি অহাৰ সময়তে খাৱৈত পিচলি পৰে লক্ষ্মীপুৰ মহকুমাৰ দেৱাৰ চাহ বাগিচাৰ যুৱকজনে।

Related Articles

Back to top button