অসম

ভাৰতৰ বদমাচ, চোৰ জনপ্ৰতিনিধিৰ ৪ ভাগৰ এভাগেই অসমৰঃ অখিল গগৈ…

‘ভাৰতৰ বদমাচ, চোৰ জনপ্ৰতিনিধিৰ ৪ ভাগৰ এভাগেই অসমৰ। ৰাজনীতিত যে মানুহ গোটে গোটে বিক্ৰী হয়, সেয়া প্ৰমাণ হ’ল।’

‘দেশৰ ১০৪টা ক্ৰছ ভোটিঙৰ ২৫টা ক্ৰছ ভোটিং কেৱল অসমতে হৈছে। এজন বিধায়ক হিচাপে লজ্জানত হৈছোঁ।’

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং সম্পৰ্কত এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে।

তেওঁ কয়- কেৱল এ আই ডি ইউ এফেই নহয়, কংগ্ৰেছেও বিজেপিক ভোট দিছে। এই কাণ্ডই অসমৰ ৰাজনীতিক ব্যাপক ক্ষতি কৰিব।

অখিল গগৈয়ে কয় যে বিজেপিয়ে বিৰোধীক ক্ৰয় কৰি গণতন্ত্ৰক হত্যা কৰিছে। দলীয় নীতি-আদৰ্শক জলাঞ্জলি দিছে বিৰোধীয়ে। লগতে তেওঁ বিজেপিৰ বিৰুদ্ধে যশৱন্ত সিনহাক ভোট দিয়াৰ কথা স্বীকাৰ কৰে৷

তেওঁ কয়- পৰীক্ষা কৰিবলৈ আছে যদি পৰীক্ষা কৰক। আমাৰ এটাই ভোট আছিলে, যশৱন্ত সিনহাক প্ৰদান কৰিছোঁ।

Related Articles

Back to top button