এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা।
বুধবাৰে দুপৰীয়া ১ঃ৫৪ বজাত তামিলনাডুত সংঘটিত হয় এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা।
ভাৰতীয় বায়ু সেনাৰ MI-17V5 হেলিকপ্টাৰৰ দুৰ্ঘটনাত নিহত হৈছে ১৩ জন লােক।

১৪ জন যাত্ৰী তথা পত্নীসহ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান বিপিন ৰাৱাট যোৱা এখন ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত।
বায়ু সেনাই প্ৰকাশ কৰা অনুসৰি, উক্ত হেলিকপ্টাৰত চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পৰিয়ালৰ সদস্য আৰু সেনা বাহিনীৰ বিষয়া আছিল।
Visuals from the army helicopter crash site near Coonoor in Tamil Nadu.
— Shilpa (@Shilpa1308) December 8, 2021
CDS Bipin Rawat and other officials were onboard. Rescue ops underway. #CDS #HelicopterCrash #TamilNadu pic.twitter.com/Y8vHFUrOMR
ভাৰতীয় বায়ু সেনাই টুইট কৰি কয়, “তামিলনাডুৰ কুনুৰৰ ওচৰত আজি চিডিএছ জেনেৰেল বিপিন ৰাৱাটক কঢ়িওৱা এখন আইএএফ এমআই-১৭ভি৫ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়।”
An IAF Mi-17V5 helicopter, with CDS Gen Bipin Rawat on board, met with an accident today near Coonoor, Tamil Nadu.
— Indian Air Force (@IAF_MCC) December 8, 2021
An Inquiry has been ordered to ascertain the cause of the accident.
“দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে,” টুইটত উল্লেখ কৰা হৈছে।
খবৰ অনুসৰি, এমআই চিৰিজৰ হেলিকপ্টাৰখন কইনবাটৰ আৰু চুলুৰৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হৈছিল৷ এতিয়ালৈকে পোৱা বাতৰি অনুসৰি, সেনাৰ হেলিকপ্টাৰখন নীলগিৰি পাহাৰৰ দূৰৱৰ্তী অঞ্চলৰ এখন অৰণ্যত দুৰ্ঘটনাগ্ৰস্ত হয়৷

হেলিকপ্টাৰখনত পাইলটৰ বাহিৰে আন চৈধ্যজন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।
প্ৰাথমিক প্ৰতিবেদন অনুসৰি, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা দুজন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয।
হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে জুই লাগিছিল। বহুযাত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ গৈছিল। যুদ্ধংভাৱেদেহী উদ্ধাৰ অভিযান চলােৱা হৈছিল।

উল্লেখ্য যে প্ৰথমতে পোৱা খবৰ অনুসৰি, বিপিন ৰাৱাটৰ উপৰিও তেওঁৰ পত্নী মধুলিকা ৰাৱাট হেলিকপ্টাৰখনত আছিল।
ইয়াৰ উপৰিও বিপিন ৰাৱাটৰ নিৰাপত্তাৰ দায়িত্বত থকা কেইবাজনো সেনা বিষয়া আৰু জোৱানো হেলিকপ্টাৰখনত আছিল৷
হেলিকপ্টাৰখন কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
বায়ু সেনাই ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে৷
দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতেই কেন্দ্ৰীয় কেবিনেটে এই বিষয়ত বৈঠক অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰিছে৷
With deep regret, it has now been ascertained that Gen Bipin Rawat, Mrs Madhulika Rawat and 11 other persons on board have died in the unfortunate accident.
— Indian Air Force (@IAF_MCC) December 8, 2021
শেহতীয়াকৈ ভাৰতীয় বায়ু সেনা বাহিনীয়ে টুইট কৰি প্ৰকাশ কৰা তথ্য অনুসৰি, এই দুৰ্ঘটনাত চীফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাতসহ ১৩ জন লােকে এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে।
অন্য নিহত সকলৰ নামঃ ব্ৰিগেডিয়াৰ এল এচ লিদাৰ, লে. কৰ্ণেল হজিন্দৰ সিং, নায়ক গুৰসেৱক সিং, নায়ক জিতেন্দ্ৰ কুমাৰ, লান্স নায়ক বিবেক কুমাৰ, লান্স নায়ক বি চাই তেজা আৰু হাবিলদাৰ সতপাল।
লগতে চাওকঃ