অসমীয়াৰাষ্ট্ৰীয়

ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী হিচাপে নিৰ্বাচিত কিংবদন্তি ক্ৰীড়াবিদ পি টি ঊষা…

নিউজ ডেস্কঃ ভাৰতৰ কিংবদন্তি ক্ৰীড়াবিদ পি টি ঊষা হ’ব ভাৰতীয় অলিম্পিক সন্থাৰ পৰৱৰ্তী সভানেত্ৰী।

দেওবাৰে টুইটযোগে এই ঘোষণা কৰে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে।

উল্লেখ্য যে, ২৬ নৱেম্বৰত ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছিল পি টি ঊষাই।

১০ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পি টি ঊষাৰ বিৰুদ্ধে আন কোনো প্ৰাৰ্থী অৱতীৰ্ণ নোহোৱাত বিনা প্ৰতিদ্বন্দ্বিতাৰে অলিম্পিক সন্থাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় এথলিট গৰাকী।

ইয়াৰ লগে লগে ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী হিচাপে পৰিগণিত হৈ পৰে পি টি ঊষা।

প্ৰণিধানযোগ্য যে, ১৯৮২ চনৰ পৰা ১৯৯৪ চনৰ ভিতৰত এছিয়ান গেমছত চাৰিটা সোণৰ পদককে ধৰি মুঠ ১১টা পদক অৰ্জন কৰি বিশ্বৰ ভিতৰতে এগৰাকী মহান এথলিট হিচাপে পৰিগণিত হৈছিল পি টি ঊষা।

এছিয়ান গেমছত অসংখ্য সোণৰ পদক লাভ কৰাৰ লগতে ১৯৮৪ চনৰ অলিম্পিকত ৪০০ মিটাৰ হাৰ্ডলছৰ ফাইনেলত চতুৰ্থ স্থান দখল কৰা ৫৮ বছৰীয়া ছানীয়ে ২৭ নৱেম্বৰত নিজৰ দলৰ সৈতে বিভিন্ন পদৰ বাবে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্বৰ কাগজ দাখিল কৰে।

Related Articles

Back to top button