
নিউজ ডেস্কঃ কলিয়াভোমোৰাৰ নতুন দলঙত ভয়ংকৰ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা তীব্ৰেবেগী বাহনৰ।
শুকুৰবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা।
জানিব পৰা মতে, এএছ ১২টি ৯৫৬৭ নম্বৰৰ হোণ্ডাই ভাৰ্ণা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে দলঙৰ ৰেলিঙত।
সৌভাগ্যবশতঃ দলঙৰ পৰা তলত বাগৰি পৰাৰ পৰা কোনোমতে ৰক্ষা পৰে বাহনখন।
ড০ এলবাৰ্ট বাৰজাই আৰু তেওঁৰ পৰিয়ালে তেজপুৰৰ পৰা দুলীয়াজান অভিমুখে গৈ থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো।
দুৰ্ঘটনাত কম-বেছি পৰিমাণে আহত বাহনখনত থকা আটাইকেইজন যাত্ৰী।