অসম

ভয়ংকৰ অগ্নিকাণ্ড! জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু ৯ বছৰীয়া কিশোৰীৰ…

ধুবুৰীৰ তামাৰহাটত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা।

ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী কিশোৰীয়ে।

ধুবুৰী জিলাৰ তামাৰহাট থানাৰ নাটাবাৰী ৩য় খণ্ড গাঁৱত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

নাটাবাৰীৰ গাঁৱৰ বাসিন্দা কোৰান আলীৰ ঘৰত দেওবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হয় এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডত ঘৰৰ সকলো বস্তু জুইত ভস্মীভূত হোৱাৰ লহতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় কিশেৰীগৰাকীৰ।

জানিব পৰা মতে, কাষৰে জালাল উদ্দিনৰ নবছৰীয়া ছোৱালী ৰেছমিনা খাতুন জুই লগাৰ আগতে খেলিবলৈ আহিছিল কোৰান আলীৰ ঘৰত। জুই লগাৰ পাছত আতংকিত হৈ সকলোৱে ঘৰৰ পৰা ওলাইছিল যদিও ৰেছমিনাই ঘৰৰ পৰা ওলাব পৰা নাছিল।

স্থানীয় ৰাইজে বহু চেষ্টা কৰি জুই নুমাবলৈ সক্ষম হয় যদিও ঘৰৰ সকলো বস্তু ইতিমধ্যে শেষ হৈ যায় জুইত। জুই নিৰ্বাপিত হোৱাৰ পিছতহে ঘৰৰ টিনৰ তলৰ পৰা উদ্ধাৰ হয় ৰেছমিনা খাতুন নামৰ ৯ বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহ।

৬৩৬নং তামাৰহাট এন এন  একাডেমীৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী আছিল ‌ৰেছমিনা খাতুন।

অগ্নিকাণ্ডৰ ফলত প্ৰায় চাৰি লাখ টকাৰ সম্পত্তিৰ লগতে যাৱতীয় নথি-পত্ৰ জাহ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *