অসম

আৰ্থিক দুৰৱস্থা! ১১০ কিলোমিটাৰ বাট চাইকেল চলাই টেট পৰীক্ষা দিলে কৰ্ণই…

দেওবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হয় অসম চৰকাৰৰ শিক্ষা বিভাগৰ টেট পৰীক্ষা।

য’ত বিভিন্ন স্থানৰ পৰীক্ষাৰ্থীয়ে নিজৰ পৰীক্ষা কেন্দ্ৰ অনুযায়ী পৰীক্ষা দিবলৈ গাড়ী-মটৰে যাত্ৰা কৰা দেখা গৈছিল।

কিন্তু ঢকুৱাখনাত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য। আৰ্থিক দুৰৱস্থাৰ হেতু সূদুৰ বিহপুৰীয়াৰ পৰা ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰত পৰীক্ষা দিবলৈ কমেও ১১০কিলোমিটাৰ চাইকেল চলাই আহিল এজন পৰীক্ষাৰ্থী।

যোৱা শনিবাৰে ৰাতিপুৱা ১০ বজাত তেওঁ ঘৰৰ পৰা ওলাই আহে আৰু একেৰাহে ১১০কিলোমিটৰ চাইকেল চলাই পৰীক্ষাকেন্দ্ৰটোত উপস্থিত হয়হি।

এনেদৰে বহু কষ্ট কৰি পৰীক্ষা গৃহত উপস্থিত হোৱা কৰ্ণ কুলিয়ে পৰীক্ষাত অৱতীৰ্ণ হয়।

শিক্ষিত কৰ্ণই কোনোমতে খেতি বাতি কৰি পৰিয়াল পোহপাল দি আছে।

চৰকাৰে আয়োজিত কৰা টেট পৰীক্ষাৰ বাবে সকলো শিক্ষা থকাত খেতিয়ক কৰ্ণৰো টেট পৰীক্ষা দি বাছনি হৈ চাকৰি এটা লাভ কৰি আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰান পোৱা আশাৰেই এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হয়।

সেয়ে চাইকেলখনকেই সাৰথি কৰি দেওবাৰে ঢকুৱাখানাত পৰীক্ষা দিবৰ বাবে শনিবাৰতেই পুৱা ১০ বজাত চাইকেল লৈ ঘৰৰ পৰা উলাই দিয়ে।

১৭ ঘণ্টা ধৰি চাইকেল চলাই দেওবাৰে পুৱতি নিশা প্ৰায় ৩ মান বজাত উপস্থিত হয় ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰত।

পৰীক্ষাকেন্দ্ৰত এনেদৰে অশেষ কষ্ট কৰি অৱতীৰ্ণ হোৱা কৰ্ণক সহায় কৰিবলৈ আগবঢ়ি আহে বহু লোক আৰু দল সংগঠন।

ইয়াৰ পাছতে পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থা আৰু “কৃষ্ণ-গোবিন্দ” বাছ সেৱাই তেওঁক সোমবাৰে বিনামূলীয়াকৈ বাছৰে ঘৰ পোৱাৰ ব্যৱস্থা কৰি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *