বৰ্ষাশ্ৰীলৈ ন্যায়ালয়ৰ সকাহঃ নিজ কেন্দ্ৰৰ পৰাই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব কাৰাবন্দী ছাত্ৰীগৰাকী

নিউজ ডেস্কঃ নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সমৰ্থন সামাজিক মাধ্যমত পোষ্ট কৰাৰ অভিযোগত মে’ মাহত গ্ৰেপ্তাৰ কৰা যোৰহাটৰ বৰ্ষাশ্ৰী বুঢ়াগোহাইক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি প্ৰদান কৰিছে আদালতে।

বৃহস্পতিবাৰে বৰ্ষাশ্ৰীয়ে পৰীক্ষাৰ ৰুটিনসহ গোলাঘাটৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত দাখিল কৰা আবেদন গ্ৰহণ কৰি ছাত্ৰীগৰাকীক দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষাত বহাৰ অনুমতি প্ৰদান কৰে আদালতে। অৱশ্যে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বৰ্ষাশ্ৰীয়ে পৰীক্ষা দিব লাগিব বুলিও আদালতে স্পষ্ট কৰি দিছে।

উল্লেখ্য যে, মে’ৰ ১৮ তাৰিখে উৰিয়ামঘাটৰ বান্ধৱীৰ ঘৰৰ পৰা আৰক্ষীয়ে ইউপিএৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰীক। সামাজিক মাধ্যমত আলফা স্বাধীনৰ সমৰ্থনত ‘আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ’ শীৰ্ষত এটা পোষ্টৰ বাবে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি বুধবাৰে জানিবলৈ দিয়ে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।

ইফালে ডিচিবি কলেজৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰীগৰাকীক পৰীক্ষাৰ বাবে মুকলি কৰি দিবলৈ বৰ্ষাশ্ৰীৰ পিতৃ অজিত বুঢ়াগোহাঁইয়ে মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ পিছতে বৃহস্পতিবাৰে আদালতে এই অনুমতি প্ৰদান কৰে।

প্ৰণিধানযোগ্য যে, বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ মেধাৱী ছাত্ৰীগৰাকীৰ মুক্তিৰ দাবী সজোৰে উত্থাপন হৈছে সামাজিক মাধ্যমত। বিভিন্ন ৰাজনৈতিক দল আৰু আঞ্চলিক দল-সংগঠনেও ছাত্ৰীগৰাকীক মুকলি কৰি দিবলৈ চৰকাৰ তথা আৰক্ষীৰ ওচৰত আহ্বান জনাইছে।

ইয়াৰ মাজতে বুধবাৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই কয় যে বৰ্ষাশ্ৰীক কোনো কবিতা লিখাৰ বাবে গ্ৰেপ্তাৰ কৰা হোৱা নাছিল। বৰং তেওঁ নিজে আলফা স্বাধীনত যোগ দিয়াৰ ইচ্ছা ব্যক্ত কৰাৰ লগতে আনকো প্ৰৰোচিত কৰাৰ অপৰাধতহে গ্ৰেপ্তাৰ কৰা হৈছিল।