অসম

বৰাকত অসমীয়া ভাষাক চূড়ান্ত অপমানঃ BDYFৰ বিৰুদ্ধে এজাহাৰ দাখিল কাছাৰ প্ৰশাসনৰ…

অসমতেই অসমীয়াৰ বিৰুদ্ধে চলিছে ভয়ংকৰ চক্ৰান্ত! জাতিটোক কেঁকোৰা চেপা দি চেপিবলৈ ধৰিছে এক অসমীয়া বিদ্বেষী চক্ৰই।

গৰুখুঁটি কাণ্ডৰ প্ৰসংগক লৈ অসম আন্দোলনৰ শ্বহীদক অপমানৰ পাছত এইবাৰ বৰাকত অসমীয়া ভাষাৰ বিৰুদ্ধে হুংকাৰ দিলে একাংশ বঙালী সংগঠনে।

বৰাকত অসমীয়া ভাষাৰ চৰকাৰী বেনাৰত কলা ৰং সানি দিয়া ঘটনা সন্দৰ্ভত জল জীৱন মিশ্যনৰ জিলা প্ৰশাসনে সোমবাৰে বৰাক ডেম’ক্ৰেটিক য়ুথ ফ্ৰণ্ট(BDYF)ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

এই সন্দৰ্ভত কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে কয়- ‘শিলচৰ চহৰত চৰকাৰী বেনাৰত ক’লা ৰং সানি দিয়া ঘটনা সন্দৰ্ভত অভিযুক্ত গোটৰ বিৰুদ্ধে জিলা উপায়ুক্ত কাৰ্য্যালয়ত এটা অভিযোগ জল জীৱন মিশ্যনৰ তৰফৰ পৰা লাভ কৰা হৈছে। আমি অভিযুক্ত গোটৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছো।’

এজাহাৰ লাভ কৰাৰ পাছতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া তৰাণ্বিত কৰিছে বুলি সদৰী কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে।

উল্লেখ্য যে, বৰাকত অসম চৰকাৰৰ আঁচনি ‘জল জীৱন মিছন’ৰ এখন প্ৰচাৰ ফলকত ক’লা ৰং সানি দিছিল ‘বৰাক ডেম’ক্ৰেটিক য়ুথ ফ্ৰণ্ট’ আৰু ‘সদৌ বঙ্গালী যুব সংস্থা’ নামৰ দুটা সংগঠনে।

Leave a Reply

Your email address will not be published. Required fields are marked *