ৰাজ্যবাসীৰ বাবে এক আশাৰ খবৰ।
অক্সাৰৰ বাবে মনােনীত হোৱাৰ সম্ভাৱনীয় তালিকাত স্থান লাভ অসমীয়া চলচ্চিত্ৰ ‘ব্ৰীজ’ৰ।
অক্সাৰৰ বাবে ভাৰতীয় চলচ্চিত্ৰ নিৰ্বাচিত হোৱাৰ সম্ভাৱনীয় চলচ্চিত্ৰ তালিকাত স্থান লাভ কৰিছে অসমীয়া চলচ্চিত্ৰ ব্ৰীজে।
ব্ৰীজৰ লগতে এই তালিকাত অন্য ১২ খন ভাৰতীয় চলচ্চিত্ৰই স্থান লাভ কৰিছে।
ইয়াৰ ভিতৰত বিচাৰকে এখন চলচ্চিত্ৰক ভাৰতৰ পৰা অস্কাৰৰ বাছনিলৈ মনােনীত কৰিব।
ব্ৰীজ নামৰ চলচ্চিত্ৰখনৰ নিৰ্দেশনা কৰিছে অসম সন্তান কৃপাল কলিতাই।
ব্ৰহ্মপুত্ৰৰ প্ৰতি থকা ভালপোৱা আৰু এগৰাকী কিশোৰীৰ বানপানীৰ সময়ৰ এখন দলঙক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ক্ষতি, হতাশা আদি বিষয়ক সুন্দৰকৈ উপস্থাপন কৰি ব্ৰীজ নামৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে।
উল্লেখ্য যে, ৫১ সংখ্যক গোৱা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াত একমাত্ৰ অসমীয়া চলচ্চিত্ৰ হিচাপে ‘ব্ৰীজ’ প্ৰদৰ্শিত হৈছিল আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।