নিউজ ডেস্ক। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতােৰত অসম জীয়ৰী শিৱাংগী শৰ্মাৰ স্বৰ্ণ জয়ৰ পিছতে অসমবাসীৰ বাবে আন এক সুখবৰ কঢ়িয়াই আনিছে দুবাৰৰ অলিম্পিয়ান বক্সাৰ শিৱ থাপাই।
AIBA বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথমটাে খেলত দুৰ্দান্ত প্ৰদৰ্শন কৰি জয়লাভ অসম সন্তান শিৱ থাপাৰ।
উল্লেখ্য যে এইবেলি ছাৰ্বিয়াৰ বেলগ্ৰেডত আয়ােজন কৰা হৈছে এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযােগিতা।
মংগলবাৰে অনুষ্ঠিত ৬৩.৫ কেজি ইভেন্টৰ প্ৰথম ৰাউণ্ডৰ খেলত শিৱ থাপাই কেনিয়াৰ ভিক্টৰ নাইডেৰাক ৫-੦ অংকৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে।
চমকপ্ৰদ কৌশলেৰে শিৱ থাপাই প্ৰতিদ্বন্দ্বীগৰাকীক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিবলৈ সক্ষম হয়।
শনিবাৰে পশ্চিম আফ্ৰিকাৰ ছাইৰা লিঅ’নিৰ জন ব্ৰাউনৰ বিৰুদ্ধে পৰৱৰ্তী ৰাউণ্ডত অৱতীৰ্ণ হ’ব শিৱ থাপাই।
উল্লেখ্য যে এই প্ৰতিযােগিতাত ভাৰতৰ ১৩ জনীয়া খেলুৱৈৰ দলটােক নেতৃত্ব দিছে শিৱ থাপাই।
শিৱৰ লগতে ভাৰতৰ আন দুগৰাকী বক্সাৰ আকাশ ছাংৱান আৰু ৰােহিত মােৰেও প্ৰতিযােগিতাখনত জয়েৰে অভিযান আৰম্ভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে এই প্ৰতিযােগিতাত ২੦১৫ চনত ব্ৰঞ্জ পদক জয়েৰে দেশবাসীৰ লগতে অসমবাসীকাে গৌৰৱান্বিত কৰিছিল শিৱ থাপাই।
লগতে চাওকঃ
ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতােৰ প্ৰতিযােগিতাত স্বৰ্ণ জয় অসম জীয়ৰী শিৱাংগীৰ