নিউজ ডেস্ক। বিমানবন্দৰত ‘আদানি’ৰ নামফলক স্থাপন কৰাৰ বিৰুদ্ধে ক্ষুব্ধ শিৱ সেনা কৰ্মীৰ তীব্ৰ প্ৰতিবাদ।
মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সোমবাৰে শিৱসেনাৰ কৰ্মীসকলে লণ্ডভণ্ড কৰে ‘আদানি’ৰ নামফলক।
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে এই বিমানবন্দৰটাে পৰিচালনাৰ দায়িত্ব আদানি গ্ৰুপক প্ৰদান কৰিছে। সেই সূত্ৰে কােম্পানীটােৱে বিমানবন্দৰৰ চৌহত নামফলক স্থাপন কৰিছিল।
কিন্তু ইয়াতে খৰ্গহস্ত হৈ শিৱসেনাৰ কৰ্মীসকলে বিমানবন্দৰত স্থাপন কৰা কােম্পানীটােৰ নামফলক ক্ষতিসাধন কৰে।
শিৱসেনাই অভিযোগ কৰে যে, পূৰ্বতে বিমানবন্দৰটো ছত্ৰপতি শিৱাজী মহাৰাজ বিমানবন্দৰ হিচাপে জনাজাত আছিল। কিন্তু এতিয়া ইয়াত আদানি বিমানবন্দৰৰ এখন বৰ্ড আছে। তেনে ক্ষেত্ৰত ইয়াক সহ্য কৰা নহ’ব।
উল্লেখ্য যে আদানি গোটে যোৱা কেইবছৰমানত বিমান খণ্ডত বৃহৎ বিনিয়োগ কৰিছে। দেশৰ বহুতো বৃহৎ বিমানবন্দৰ বৰ্তমান আদানি গোটৰ দ্বাৰা পৰিচালিত হয়।
কেৱল জুলাই মাহত মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো সম্পূৰ্ণৰূপে আদানি গ্ৰুপলৈ আহিছিল। গৌতম আদানিয়ে নিজেই এই বিষয়ে টুইট কৰিছিল।
Watch how Shiv Sena workers are defiantly destroying 'Adani' signage put up at Chatrapati Shivaji Maharaj Airport, Mumbai.
— Priti Gandhi – प्रीति गांधी (@MrsGandhi) August 2, 2021
This is disgusting behaviour & blatant misuse of power & must be strongly condemned by one and all!! pic.twitter.com/YMSZ9aonzQ
সেয়েহে আদানি গ্ৰুপে দেশৰ কেইবাটাও বিমানবন্দৰৰ পৰিচালনা কৰাৰ বিৰুদ্ধে নিৰন্তৰ বিৰোধিতা কৰি আহিছে বিৰোধীয়ে।
কংগ্ৰেছকে ধৰি আন কেইবাটাও বিৰোধী দলে এই বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰি আহিছে।