অসমৰ বিষয়া-আমোলাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ মিজোৰাম আৰক্ষীৰ।
২৬ জুলাইত সংঘটিত হোৱা অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ কাণ্ডৰ পাছতে মিজোৰাম আৰক্ষীয়ে অসমৰ ৬ গৰাকী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
উক্ত গোচৰ প্ৰত্যাহাৰ কৰিছে মিজো আৰক্ষীয়ে।
টুইটযোগে এই কথা সদৰি কৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই।
উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও গোচৰ তৰিছিল মিজোৰামৰ কোলাচিব জিলাৰ আৰক্ষীয়ে।
দেওবাৰে অসমৰ মুখ্যমন্ত্ৰীৰ গোচৰ প্ৰত্যাহাৰ কৰিছিল মিজোৰাম আৰক্ষীয়ে।
In order to build a conducive atmosphere for amicable solution to the #MizoramAssamBorder dispute & to reduce the plight of suffering citizens,I have directed @mizorampolice to withdraw FIR dt. 26.07.2021 filed at Vairengte,Kolasib District,Mizoram against all the accused persons pic.twitter.com/IlQ65jssIL
— Zoramthanga (@ZoramthangaCM) August 2, 2021
অসম-মিজো সীমা বিবাদৰ সৌহাদ্যপূৰ্ণ সমাধানৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ বাবে আৰু পীড়িত নাগৰিকসকলৰ দুৰ্দশা হ্ৰাস কৰাৰ বাবে অসমৰ বিৰুদ্ধে ৰুজু কৰা সকলো গোচৰ প্ৰত্যাহাৰ মিজোৰামৰ।









