বিমানবন্দৰত ভুৱা আধাৰ কাৰ্ডসহ আটক ৪ বাংলাদেশী নাগৰিক

নিউজ ডেস্ক। এইবাৰ বিমানবন্দৰত ভুৱা আধাৰ কাৰ্ডসহ আটক হ’ল ৪ বাংলাদেশী নাগৰিক।

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে ত্ৰিপুৰাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত আটক হ’ল এস বাংলাদেশী নাগৰিক কেইজন।

শুকুৰবাৰে ভুৱা ভাৰতীয় পৰিচয় পত্ৰৰ সহায়ত চেন্নাইলৈ বিমান যোগে যাবলৈ চেষ্টা কৰোঁতেই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

বিমানবন্দৰ আৰক্ষী থানাৰ বিষয়া সুকান্ত সেন চৌধুৰীয়ে জনোৱা অনুসৰি, বিশেষ অনুসন্ধানৰ ভিত্তিত পোৱা খবৰ অনুসৰি বিমানবন্দৰত বাংলাদেশী নাগৰিক কেইজনক চিনাক্ত কৰা হয়। তেওঁলোকৰ বিমানৰ টিকট বৈধ আছিল। কিন্তু তেওঁলোকে ভাৰতীয় নাগৰিক বুলি ভুৱা পৰিচয় পত্ৰ প্ৰদৰ্শন কৰি বিমানত যাবলৈ চেষ্টা কৰিছিল।

বিমানত যাবৰ বাবে তেওঁলোকে প্ৰদান কৰিছিল আধাৰ কাৰ্ড। যিসমূহ ভুৱা বুলি প্ৰমাণিত হয়।

গ্ৰেপ্তাৰ হোৱা বাংলাদেশী নাগৰিক কেইজনক দুলাল শ্বেইখ, য়ুচুফ শ্বেইখ, আমিনুল শ্বেইখ আৰু ৰেজাবুল শ্বেইখ বুলি চিনাক্ত কৰা হয়।

গ্ৰেপ্তাৰৰ পিছত সোধা-পোচাৰ বাবে তেওঁলোকক বিমানবন্দৰ আৰক্ষী থানালৈ লৈ যোৱা হয়।

তেওঁ লগতে কয় যে বাংলাদেশী নাগৰিক কেইজনে অবৈধভাৱে ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশ কৰিছিল।

Leave a Comment