নিউজ ডেস্কঃ বিপদত পৰিছে দিল্লী বিজেপিৰ সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ!
চৰকাৰী ভূমিত অবৈধভাৱে পুথিভঁৰাল নিৰ্মাণ কৰাৰ অভিযোগত দিল্লীৰ আদালতৰ চমন প্ৰাক্তন ক্ৰিকেটাৰ তথা বিজেপি সাংসদগৰাকীলৈ।
গৌতম গম্ভীৰক ১৩ ডিচেম্বৰত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে আদালতে।
প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি, দিল্লীৰ কাৰ্কাৰডুমাৰ ওচৰত নিৰ্মাণ কৰা পুথিভঁৰালটো চৰকাৰী মাটিত নিৰ্মাণ কৰা হৈছিল।

সেই মাটি আচলতে দিল্লী এমচিডিৰ। চৰকাৰী ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহৃত হ’বলগীয়া ভূমিত গম্ভীৰে অবৈধ বেদখল কৰি লাইব্ৰেৰী নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে।
দিল্লী পৌৰ নিগমৰ এজন শীৰ্ষ বিষয়াক প্ৰভাৱিত কৰি ডাম্পিং গ্ৰাউণ্ডৰ মাটি দখল কৰাৰ অভিযোগ আদালতত।
জানিব পৰা মতে, গৌতম গম্ভৰে পুথিভঁৰাল স্থাপন কৰা মাটিখিনৰ পৰিসৰ হৈছে ৩০০ একৰ। যাৰ মূল্য কেইবা কোটি টকা।

গম্ভীৰে সেই মাটি কোনো ধৰণে ব্যৱহাৰ কৰিব নোৱাৰিব বুলি দাবী জনাই আদালতৰ কাষ চাপিছিল গোচৰীয়াসকলে।
গম্ভীৰৰ এই ভূমি বেদখলক অপৰাধমূলক অপৰাধ হিচাপে গণ্য কৰিবলৈ দাবী জনায় অভিযোগকাৰীয়ে।
তাৰ পিছতে এই গোচৰৰ শুনানি বুধবাৰে গ্ৰহণ কৰি ১৩ ডিচেম্বৰত তেওঁক আদালতত হাজিৰ হ’বলৈ চমন জাৰি কৰে দিল্লীৰ অধিৱেশন আদালতে।
মন কৰিবলগীয়া যে গম্ভীয়ে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাজনীতিত যোগদান কৰিছিল।
২০১৯ চনত পূব দিল্লীৰ পৰা বিজেপিৰ টিকটত জয়লাভ কৰি লোকসভাৰ সাংসদ হয়।