অসম

বিতৰ্কিত বঙালী নেতা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ…

অৱশেষত গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত বঙালী নেতা প্ৰদীপ দত্ত ৰয়।

কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰৰ জেৰাৰ অন্তত শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় BDFৰ মুৰব্বী প্ৰদীপ দত্ত ৰয়ক।

উল্লেখ্য যে, ৪৮ ঘন্টাৰ ভিতৰত বৰাকৰ পৰা অসমীয়া ভাষাৰ বেনাৰ-পোষ্টাৰ আঁতৰাবলৈ হুংকাৰ দিছিল দত্ত ৰয়ে। 

এই হুংকাৰৰ পাছতেই প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰৰ দাবীত সৰৱ হৈছিল দল-সংগঠন।

লগতে অসমীয়া বিৰোধী নেতাজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো হুংকাৰ দিছিল স্বয়ং মুখ্যমন্ত্ৰীয়ে। 

অৱশেষত বহু সমালোচনাৰ অন্তত শনিবাৰে গ্ৰেপ্তাৰ কৰা হ’ল বঙালী সংগঠন BDFৰ বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয়ক।

লগতে চাওকঃ

এতিয়াৰে পৰা অসমীয়াতে দিব পাৰিব APSCৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাঃ মুখ্যমন্ত্ৰী…

Leave a Reply

Your email address will not be published. Required fields are marked *