APSC পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা।
এতিয়াৰে পৰা অসমীয়াতে দিব পাৰিব APSCৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষা।
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভাষা বিষয়ক প্ৰশ্ন কাকত উঠাই দিয়াৰ সিদ্ধান্তক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এই ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
খানাপাৰাত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে শিক্ষাৰ্থীসকলে এতিয়াৰে পৰা এ পি এছ চিৰ প্ৰিলিমছ আৰু মেইনছ পৰীক্ষা অসমীয়া ভাষাত দিব পাৰিব।
সংবাদমেলখনত তেওঁ কয়, ‘যদি আই এ এছ পৰীক্ষা অসমীয়া, বড়োত লিখিব পাৰি তেন্তে এ পি এছ চি পৰীক্ষা কিয় অসমীয়াত অনুষ্ঠিত কৰিব নোৱাৰি’।
উল্লেখ্য যে ইযাৰ পূৰ্বে এ পি এছ চিৰ প্ৰিলিমছ আৰু মেইনছ পৰীক্ষা কেৱল ইংৰাজী ভাষাতহে লিখাৰ অনুমতি আছিল।
এ চি এছৰ বাবে আবেদন কৰা শিক্ষাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব বুলিও তেওঁ মন্তব্য কৰে।
ইয়াৰ উপৰি মুখ্যমন্ত্ৰী শৰ্মাই ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো অসমীয়া ভাষা শিকোৱা আৰম্ভ কৰিব লাগে বুলি অনুৰোধ জনায়।









