অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সাহসৰ অভাৱঃ আব্দুল খালেক…

অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সাহসৰ অভাৱ। অসমীয়া ভাষাৰ সংকটৰ সময়ত মুখ্যমন্ত্ৰীয়ে তোষামোদৰ ৰাজনীতি কৰিছে।

এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ।

গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদ মেল অনুষ্ঠিত কৰি চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰে সাংসদ আব্দুল খালেকে।

তেওঁ লগতে কয় যে বিজেপি চৰকাৰে ক’ভিডৰ সময়ৰ তথ্য লুকুৱাইছে।

লগতে সাংসদ খালেকে ক’ভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনায় চৰকাৰক।

আনহাতে, আৰোগ্য নিধিৰ ধন ক’ত খৰচ কৰিলে আৰু সেই টকাৰে চিকিৎসালয় বনালে নেকি ৰাজহুৱা কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় খালেকে।

লগতে চাওকঃ

বিতৰ্কিত বঙালী নেতা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ…

Leave a Comment