অসমীয়াঅসম

বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতিত স্থান লাভ সৰ্বানন্দ সোণোৱালৰ, কৃতজ্ঞতা জনালে…

নিউজ ডেস্কঃ বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতিত নাম অন্তৰ্ভূক্তিৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাক কৃতজ্ঞতা জ্ঞাপন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উল্লেখ্য যে, বুধবাৰে গঠন কৰা হয় বিজেপিৰ সৰ্বোচ্ছ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা কেন্দ্ৰীয় সংসদীয় সমিতিখন। এই ১১ জনীয়া সমিতিখনত এইবাৰ অন্তৰ্ভূক্ত কৰা হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো।

ইয়াৰ পিছতে আনন্দ ব্যক্ত কৰি সৰ্বানন্দ সোণোৱালে কয়, ‘মোক যি বিশ্বাসেৰে দলৰ স্বাৰ্থত কাম কৰিবলৈ দায়িত্ব প্ৰদান কৰা হৈছে, সেয়া মই অতি নিষ্ঠা সহকাৰে সদায় পালন কৰি যাম। মই কেন্দ্ৰীয় সংসদীয় সমিতিত মোক স্থান দিয়াৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ অধ্যক্ষ জে পি নড্ডাক আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছো।’

উল্লেখ্য যে, বিজেপিৰ সংসদীয় সমিতিখনত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও। সমিতিৰ অধ্যক্ষ হিচাপে থাকিব জে পি নড্ডা। সমিতিৰ সচিব হিচাপে থাকিব বি এল সন্তোষ।

ইফালে অইবাৰ বিজেপিৰ কেন্দ্ৰীয় সমিতিত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েদেয়ুৰাপ্পা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্থান প্ৰদান কৰাৰ বিপৰীতে সমিতিৰ পৰা অপসাৰণ কৰা হৈছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু বিজেপিৰ প্ৰাক্তন অধ্যক্ষ নীতিন গাডকাৰীক।

Related Articles

Back to top button