fbpx
অসমীয়াঅসম

বিজেপিত ভাড়াঘৰত থকাৰ দৰেহে আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিস্ফোৰক মন্তব্য….

নিউজ ডেস্কঃ শাসক-বিৰোধীৰ ৰাজনৈতিক যুদ্ধৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

মুখ্যমন্ত্ৰীয়ে এতিয়াও দেহে-মনে কংগ্ৰেছকে ভাল পায় বুলি মন্তব্য ভূপেন বৰাৰ।

কংগ্ৰেছক নিজৰ দল বুলি ভাৱে বাবেই ৫০ শতাংশ কংগ্ৰেছীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াও কথা পাতে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ।

তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে চোলাটোহে বিজেপিৰ পিন্ধিছে, দেহটো এতিয়াও কংগ্ৰেছীয়ে হৈ আছে।

আনহাতে আন এক বিস্ফোৰক মন্তব্য কৰি ভূপেন বৰাই কয়, ‘কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাৰ সৈতে ফোনত কথা পতাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল যে বিজেপিতকৈ কংগ্ৰেছেই ভাল আছিল। বিজেপি আৰএছএছেহে চলায়। ইয়াত উশাহ নিশাহ বন্ধ হৈ গৈছে।’

এতিয়াও কংগ্ৰেছীৰ সৈতে কথা পাতিলে মুখ্যমন্ত্ৰীয়ে ‘আমাৰ দল’ বুলি কংগ্ৰেছক অভিহিত কৰে বুলিও দাবী ভূপেন বৰাৰ।

তেওঁৰ মন্তব্য- বিজেপিত ভাড়াঘৰত থকাৰ দৰেহে আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

উল্লেখ্য যে, বিধানসভাত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছত তেওঁৰ গুপ্তচৰ থকা বুলি মন্তব্য কৰিছিল।

সেই প্ৰশ্নৰে উত্তৰ প্ৰসংগত মুখ্যমন্ত্ৰীক লৈ এনে বিস্ফোৰক মন্তব্য কৰে ভূপেন বৰাই।

আনহাতে দুৰ্নীতিগ্ৰস্ত বুলি ক’লে মুখ্যমন্ত্ৰীয়ে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব বুলি দিয়া সকিয়নী প্ৰসংগতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভূপেন বৰাই।

তেওঁ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে যে লুইজ বাৰ্জাৰ, সাৰদা কেলেংকাৰীত অভিযুক্ত হৈছিল নে নাই? কি কাৰণে তেওঁ বিজেপিত যোগদান কৰিলে, সেই প্ৰশ্নও উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!