‘বিজেপিত থাকি বৰ ডাঙৰ ভুল কৰিলোঁ!’ মুণ্ডন কৰি বিজেপি ত্যাগ বিধায়কৰ…

নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে পালে এক মোক্ষম আঘাত।

বিজেপিত থকাৰ বাবে গভীৰ অনুশোচনাৰে দল ত্যাগ কৰিছে শাসকীয় দলৰ এগৰাকী বিধায়কে।

ৰাজহুৱাভাৱে মুণ্ডন কৰি, যজ্ঞ পাতি তেওঁ কৰিলে বিজেপিলৈ যোৱাৰ পাপৰ প্ৰায়শ্চিত্ত।

ত্ৰিপুৰাৰ সুৰমাৰ বিধায়ক তথা দীৰ্ঘকালৰ বিজেপি নেতা আশিস দাসে মঙলবাৰে কলকাতাৰ কালীঘাট কালী মন্দিৰত মুণ্ডন কৰে আৰু বিজেপিৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

photo-2021-10-05-22-43-13-2

গেৰুৱা দলটোৰ হৈ সেৱা আগবঢ়োৱাটো তেওঁৰ জীৱনৰ অন্যতম ডাঙৰ ভুল বুলি গণ্য কৰি মুণ্ডন কৰে নেতাগৰাকীয়ে।

তেওঁ কয়- বিজেপিত যোৱাটোৱেই আছিল মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল৷ গেৰুৱা দলৰ হৈ সেৱা আগবঢ়োৱাটো মোৰ জীৱনৰ অন্যতম ডাঙৰ ভুল। বিজেপি শাসিত ত্ৰিপুৰাত ৰাজনৈতিক অৰাজকতা আৰু বিশৃংখলতা বিৰাজ কৰিছে, যাক লৈ জনসাধাৰণ অসন্তুষ্ট।

photo-2021-10-05-22-43-14

তেওঁ লগতে কয়- কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যখনৰ সমস্যা সমাধানৰ বাবে ত্ৰিপুৰালৈ অহাৰ বিপৰীতে, তেওঁলোকে ত্ৰিপুৰাৰ সমস্যা বৃদ্ধিহে কৰিছে।

দাসৰ এই কাৰ্য সন্দৰ্ভত ত্ৰিপুৰা বিজেপিৰ সভাপতি ড০ মানিক সাহাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘সকলো বোৰ লক্ষ্য কৰি থকা হৈছে আৰু যথা সময়ত উপযুক্ত পদক্ষেপ লোৱা হ’ব’।

photo-2021-10-05-22-43-13

উল্লেখ্য যে, আশিস দাসে আজি তৃণমূল কংগ্ৰেছ দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

Leave a Comment