ব্যৱসায়িক শত্ৰুতাৰ বাবে অপহৰণ! গুৱাহাটীৰ পৰা অপহৃত হোৱা দুই কণমানিক বিহাৰৰ পৰা উদ্ধাৰ…

নিউজ ডেস্কঃ অৱশেষত সন্ধান ওলাল মহানগৰীৰ তেতেলীয়াৰ পৰা অপহৃত হোৱা দুই শিশুৰ।

গুৱাহাটী আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অনুসন্ধান চলাই বিহাৰৰ বৈশালী জিলাৰ মাহুৱাৰ্ পৰা সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় শিশু দুটিক।

অৱশ্যে শিশুদুটিৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত কোনো লোকক এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই।

শিশুদুটিৰ উদ্ধাৰৰ সৱিশেষ সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰি পশ্চিম গুৱাহাটীৰ ডিচিপি পদ্মনাথ বৰুৱাই কয় যে বৃহস্পতিবাৰে নিশা অপহৰণকাৰীয়ে তেতেলীয়াৰ ঘৰৰ সন্মুখৰ পৰাই ৱেগনআৰ বাহনেৰে অপহৰণ কৰিছিল কুই কণমানি বিবেক কুমাৰ (৯) আৰু অজিত কুমাৰ (৪)ক।

পৰিয়ালৰ ব্যৱসায়িক শত্ৰুতাৰ বাবেই শিশু দুটিৰ অপহৰণ সংঘটিত হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

ইফালে শিশু দুটিৰ মাতৃয়েও অভিযোগ কৰা মতে, শুকুৰবাৰে নিশা অপহৰণকাৰীয়ে ফোন কৰি শিশুদুটিৰ মুক্তিপণ হিচাপে ৫ লাখ টকা দাবী কৰিছিল।

ইফালে আৰক্ষীয়ে এই সমস্ত ঘটনাৰ তদন্ত চলাই ৰাহুল, সুধীৰ কুমাৰ ওৰফে চাজন আৰু আন এজন ব্যক্তি এই অপহৰণ কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছে।

আৰক্ষীয়ে অপহৰণকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

আনহাতে শিশুদুটিৰ পৰিয়ালেও শীঘ্ৰে অপহৰণকাৰীক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।