
নিউজ ডেস্কঃ প্ৰবাদ আছে- বিপদতহে চিনি পোৱা যায় প্ৰকৃত বন্ধুক!
ছুইটীৰ বিপদৰ সময়তো তেওঁৰ ৮ গৰাকী অভিন্ন বন্ধুৱে অনবৰতে লগত থাকি সকলোকে যেন বুজাই দিলে বন্ধুত্বৰ প্ৰকৃত অৰ্থ।
চিনেমাৰ কাহিনীৰ দৰে লগা এই বাস্তৱ কাহিনী উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ।
জানিব পৰা মতে, এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল বি.টেকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী ছুইটী।
গ্ৰেটাৰ নয়ডাৰ ছেক্টৰ ২ত সংঘটিত পথ দুৰ্ঘটনাটোৰ পিছতে সংকটজনক অৱস্থাত ছুইটীক ভৰ্তি কৰোৱা হয় কৈলাশ হাস্পতালত।

কিন্তু আৰ্থিকভাৱে দুৰ্বল ছুইটীৰ পৰিয়ালৰ বাবে সেই সময়ত ডাঙৰ সমস্যাটোৱেই আছিল চিকিৎসাৰ ব্যয়।
তাতে ব্যক্তিগত হাস্পতালত কন্যাক ভৰ্তি কৰোৱাৰ পিছত অৰ্থৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছিল ছাত্ৰীগৰাকীৰ পৰিয়ালে।
সেই সময়তে ছুইটীৰ সহায়ৰ বাবে আগবাঢ়ি আহে তেওঁৰ সৈতে একেলগে অধ্যয়ন কৰা ৮ গৰাকী বন্ধুৱে।
৮ যুৱকে মিলি প্ৰথমে কলেজৰ অন্য ছাত্ৰ-ছাত্ৰীৰ সহযোগত এক লাখ টকা যোগাৰ কৰি ছুইটীৰ চিকিৎসা আৰম্ভ কৰে।
কিন্তু চিকিৎসকে প্ৰকাশ কৰে যে ছুইটীৰ চিকিৎসাৰ বাবদ প্ৰয়োজন হ’ব প্ৰায় ৩০-৩৫ লাখ টকা।
এনে সময়ত ছুইটীৰ বন্ধু আশীৰ্বাদ মণি ত্ৰিপাঠী, কৰণ পাণ্ডে, আদৰ্শ সিং, ৰাজ শ্ৰীবাস্তৱ, অনুভৱ যাদৱ, ৰাজমণি, চন্দন সিং, শুভম, প্ৰতীকে বান্ধৱীৰ চিকিৎসাৰ ব্যয়ৰ বাবে সহায় লয় সামাজিক মাধ্যমৰ।

ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম আদি সামাজিক মাধ্যমত দিনে নিশাই ছুইটীৰ হৈ সহায় বিচাৰি ১০ দিনত ৩০ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৮ বন্ধুৱে।
একে সময়তে যুৱক কেইজনৰ বন্ধুত্ব আৰু ছুইটীৰ পৰিয়ালৰ আৰ্থিক দুৰাৱস্থাৰ বিষয়ে জানিব পাৰি আৰক্ষী আয়ুক্ত লক্ষ্মী সিঙে আৰক্ষী বিভাগৰ সহকৰ্মীসকলৰ সৈতে মিলি ১০ লাখ টকা ছুইটীৰ চিকিৎসাৰ বাবে প্ৰদান কৰে।
উল্লেখ্য যে, ছুইটীৰ বাবে ধন সংগ্ৰহৰ সময়ত বন্ধু কেইজনে মহাবিদ্যালয়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিছিল যদিও একমাত্ৰ বান্ধৱীক জীয়াই তোলাৰ খাতিৰতে তেওঁলোকে পৰীক্ষালৈও ভ্ৰুক্ষেপ কৰা নাছিল।
এই বন্ধু কেইজনৰ প্ৰচেষ্টাতে এতিয়া লাহে লাহে সুস্থ হৈ উঠিছে ছুইটী। শেহতীয়াকৈ তেওঁক আইচিইউৰ পৰা জেনেৰেল ৱাৰ্ডতো ভৰ্তি কৰা হৈছে।
এই ৮ বন্ধুৱে মিলি দেখুৱাই দিয়া বন্ধুত্বৰ সংজ্ঞাত আবেগিক হৈ পৰিছে ছুইটী আৰু তেওঁৰ পৰিয়াল। বন্ধুত্বৰ এনে বান্ধোনে এতিয়া সামাজিক মাধ্যমতো লাভ কৰিছে চৰ্চা।