ফেচবুক প্ৰেম! নৈ সাঁতুৰি ভাৰতত প্ৰৱেশ বাংলাদেশী যুৱতীৰ, তাৰ পিছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘুৰিছে ভূ-মণ্ডল। নিজৰ প্ৰেমক সফল ৰূপ দিবলৈ কি কি নকৰে মানুহে।

কেতিয়াবা নিজতকৈও যেন প্ৰয়োজন হৈ পৰে এই মৰম- ভালপোৱা বোৰ।

নিজৰ ভালপোৱাক সফল ৰূপ দিবলৈ বাংলাদেশৰ সাতক্ষীৰা জিলাৰ পৰা ভাৰতলৈ অহা ২২ বছৰীয়া কৃষ্ণা মণ্ডলৰ কাহিনী শুনিলে আপুনিও হয়তু এইদৰেই ভাবিবলৈ বাধ্য হ’ব।

কেৱল প্ৰেমিকক লগ কৰিবলৈকে বাংলাদেশৰ পৰা নৈ সাঁতুৰি পাৰ হৈ পশ্চিম বংগ পালেহি কৃষ্ণা নামৰ এই বাংলাদেশী যুৱতীগৰাকী।

p1
ফেচবুক প্ৰেম! নৈ সাঁতুৰি ভাৰতত প্ৰৱেশ বাংলাদেশী যুৱতীৰ, তাৰ পিছত ঘটিল এই ঘটনা... 3

এই কাৰ্যত সফল হৈ তেওঁলোকৰ বিয়াও হৈ গৈছিল, কিন্তু তাৰ পিছতহে লাগিল অথন্তৰ। বিয়াৰ পিছতে যুৱতী গৰাকী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ব লগা হ’ল।

কৃষ্ণাই অলপতে ফেচবুকৰ জৰিয়তে ভাৰতত বাস কৰা আশিক মণ্ডলৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল, কিন্তু সময়ৰ লগত এই বন্ধুত্ব পৰিণত হৈছিল প্ৰেমত।

অৱশেষত তেওঁলোকে লৈছিল বিবাহপাশত আবদ্ধ হােৱাৰ সিদ্ধান্ত।

কৃষ্ণাৰ কোনো পাছপোৰ্ট নথকা কথাটোৱে এই ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈ পৰিছিল, সেয়েহে তাই সাঁতুৰি সুন্দৰবন হৈ ভাৰতলৈ আহিবলৈ সিদ্ধান্ত লয়।

প্ৰায় এঘণ্টা ধৰি নদীত সাঁতুৰি তাই ভাৰতৰ সীমাত উপস্থিত হয়। ইয়াৰ পিছতে প্ৰেমিকক সাক্ষাৎ কৰে।

যোৱা সপ্তাহত কলকাতাৰ এটা মন্দিৰত বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত এই কথা আৰক্ষীৰ কাণত পৰাত তেওঁলোকে কৃষ্ণাক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী কৰ্তৃপক্ষই জনোৱা মতে ভাৰতলৈ অহাৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ নথকাৰ হেতু তাইক বাংলাদেশ সীমান্তৰ কৰ্তৃপক্ষৰ হাতত গতাই দিয়া হ’ব।

এই ঘটনাৰ পিছতে এতিয়া কৃষ্ণাৰ স্বামী আশিক মণ্ডলে আইনৰ সহায় লােৱাৰ চিন্তা চৰ্চা কৰিছে।

লগতে চাওকঃ

আজব ঘটনা! জ্যেষ্ঠ আৰক্ষী বিষয়াক উৎকােচ দিবলৈ গৈ গ্ৰেপ্তাৰ হ’ল এএছআই

G3 1
ফেচবুক প্ৰেম! নৈ সাঁতুৰি ভাৰতত প্ৰৱেশ বাংলাদেশী যুৱতীৰ, তাৰ পিছত ঘটিল এই ঘটনা... 4

Leave a Comment