পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ বাবে সপ্তাহজোৰা লকডাউনৰ পোষকতা অৰণ্য মানৱ যাদৱ পায়েঙৰ! ক’লে…

নিউজ ডেস্কঃ গোলকীয় উষ্ণতা বৃদ্ধিক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ বাবে সমগ্ৰ বিশ্বতে সপ্তাহজোৰা লকডাউন আহ্বান কৰিবলৈ বিশ্ব নেতাসকলক আহ্বান পদশ্মী বঁটা বিজয়ী পৰিৱেশবিদ যাদৱ পায়েঙৰ।

অৰণ্য মানৱ পায়েঙে মঙলবাৰে কোকৰাঝাৰত চলি থকা বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত ‘খিলঞ্জীয়া জ্ঞান ব্যৱস্থা’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত ভাষণ দি এই আহ্বান জনায়।

তেওঁ কয়, ‘মই বিশ্বৰ ৮০০ কোটি জনসাধাৰণক অনুৰোধ কৰিব বিচাৰিছো যে তেওঁলোকে পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ দিশত চিন্তা কৰক।’

পায়েঙে লগতে কয়, ‘মই অনুভৱ কৰোঁ যে যদি আমি বিশ্বজুৰি এবছৰৰ ভিতৰত এসপ্তাহৰ বাবে লকডাউন দিব পাৰো, তেন্তে পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ক্ৰমান্বয়ে ঘূৰি আহিব। মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা এই কথা কৈছো।’

‘ঈশ্বৰ প্ৰকৃতি আৰু প্ৰকৃতিয়েই ঈশ্বৰ’ এই ধাৰণাত বিশ্বাসী পায়েঙে ভাৰতৰ বনাঞ্চল আৰু সেউজ আৱৰণ সংৰক্ষণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ কেনেদৰে লিখিছিল সেই কথাও উল্লেখ কৰে।

তেওঁ কয়, ‘মই ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখিছো যে আমি বনাঞ্চল ধ্বংস কৰি উন্নয়ন আনিব নোৱাৰো। আমি আমাৰ বনাঞ্চল আৰু প্ৰকৃতি ৰক্ষা কৰিব লাগিব। প্ৰকৃতিৰ মূল্যত হোৱা উন্নয়ন এক অভিশাপ।’