
নিউজ ডেস্কঃ আৰ্থিক অনাটনত ভুগিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বিনোদ কাম্বলী। এসময়ৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ গৰাকীৰ বৰ্তমানৰ আৰ্থিক দুৰৱাস্থাৰ কথা উল্লেখ কৰি কামৰ সন্ধান চলাইছে। ক্ৰিকেট সম্পৰ্কীয় যিকোনো কাম তেওঁ কৰিবলৈ প্ৰস্তুত বুলিও মন্তব্য কৰে কাম্বলীয়ে।
কাম্বলীয়ে জানিবলৈ দিয়া মতে, বৰ্তমান তেওঁ ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ পৰা মাহে ৩০ হাজাৰ টকাৰ ক্ৰিকেট পেঞ্চন লাভ কৰে। কিন্তু সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ সময়ত এই টকাৰে তেওঁৰ পৰিয়াল পৰিচালনা কৰাটো অতি কষ্টকৰ হৈ পৰা বুলি মন্তব্য কৰে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে। যাৰ বাবে তেওঁ চাকৰি বিচাৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

এক সাক্ষাৎকাৰত বিনোদ কাম্বলীয়ে জনোৱা মতে, লকডাউনৰ পূৰ্বে তেওঁৰ জীৱন স্বচ্ছন্দতাৰে পাৰ হৈছিল। সেই সময়ত তেওঁৰ কোনো আৰ্থিক সমস্যাও নাছিল। বিচিচিআইৰ পৰা লাভ কৰা পেঞ্চনৰ উপৰিও সেই সময়ত তেওঁ শচীন টেণ্ডুলকাৰৰ মিডলছেক্স গ্ল’বেল একাডেমীত মেণ্টৰ হিচাপে যুৱ ক্ৰিকেটাৰসকলক প্ৰশিক্ষণ দিছিল। অন্যহাতে ২০১৯ত টি-২০ মুম্বাই লীগত তেওঁ প্ৰশিক্ষক হিচাপেও কাম কৰিছিল।
কোভিড পৰিস্থিতিৰ পিছতে ভ্ৰমণৰ অসুবিধাৰ বাবে তেওঁ মিডলছেক্স গ্ল’বেল একাডেমীৰ মেণ্টৰৰ দায়িত্ব এৰি দিয়াৰ পিছতে আৰ্থিক সমস্যা অধিক হৈ পৰে। শেহতীয়াকৈ বস্তুৰ মূল্যবৃদ্ধিয়ে তেওঁৰ জীৱন ধাৰণ অধিক জটিল কৰি তুলিছে।

কাম্বলীয়ে কয়, “মই পুৱা ৫ বজাত উঠি টেক্সিৰে ডি ৱাই পাটিল ষ্টেডিয়ামলৈ গৈছিলোঁ। তাৰ পিছত আকৌ সন্ধিয়া মই বিকেচি খেলপথাৰত প্ৰশিক্ষণ দিছিলো। কিন্তু এতিয়া সময় সলনি হৈছে!’’
প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে লগতে কয়, ‘মই এজন অৱসৰপ্ৰাপ্ত ক্ৰিকেটাৰ। বিচিচিআইৰ পেঞ্চনত যাৰ পৰিয়াল চলি আছে। তাৰ বাবে মই ব’ৰ্ডৰ ওচৰত কৃতজ্ঞ। এই উপাৰ্জনেৰে পৰিয়ালটো চোৱা-চিতা কৰি আছো। কিন্তু বৰ্তমান যি হাৰত দৈনন্দিন সামগ্ৰীৰ দাম বাঢ়িছে, সেই অৰ্থত ঘৰ চলোৱাটো কঠিন হৈ পৰিছে।’
সেই বাবেই ক্ৰিকেটাৰ গৰাকীয়ে ক্ৰিকেট সম্পৰ্কীয় যিকোনো কাম কৰি দুটকা বেচিকৈ উপাৰ্জনৰ চেষ্টা চলাইছে। ইতিমধ্যে এই বিষয়টো তেওঁ মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনৰো দৃষ্টিগোচৰ কৰিছে।

প্ৰাক্তন অলৰাউণ্ডাৰগৰাকীয়ে কয়, ‘মই সহায়ৰ বাবে মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনৰ ওপৰত আশা কৰিছো। পৰিয়ালটো চলাবলৈৱ এতিয়া টকাৰ প্ৰয়োজন। যদি কিবা কাম আছে, তেন্তে তেওঁলোকে মোক নিশ্চয় দিব। মুম্বাই ক্ৰিকেট সন্থাই মোৰ জীৱনত বহুখিনি অৱদান আগবঢ়াইছে। গতিকে মই অপেক্ষা কৰি আছো যে তেওঁলোকে মোক কোনো কামত আকৌ সহায় কৰিব পাৰিব। এম চি এৰ অধ্যক্ষকো মোৰ অৱস্থাৰ বিষয়ে অৱগত কৰিছো।”
আনহাতে বিনোদ কাম্বলীৰ এই আৰ্থিক অৱস্থাৰ কথা ক্ৰিকেটৰ ভগৱান হিচাপে পৰিচিত শচীন টেণ্ডুলকাৰেও জানে বুলি মন্তব্য কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। দেশৰ হৈ ১০৪ খন এদিনীয়া আৰু ১৭ খন টেষ্ট খেলা কাম্বলীয়ে কয়, শচীন টেণ্ডুলকাৰে সকলো কথা জানে। কিন্তু তেওঁৰ পৰা একো আশা নকৰো। তেওঁ মোক টেণ্ডুলকাৰ মিডলছেক্স গ্ল’বেল একাডেমীত চাকৰিৰ প্ৰস্তাৱ দিছিল। বৰ সুখী হৈছিলোঁ। তেওঁ এতিয়াও মোৰ ভাল বন্ধু। সদায় মোৰ কাষত থিয় দি আহিছে শচীনে।’