fbpx
অসমীয়াঅসম

প্ৰেৰণাদায়ক! পেটৰ তাড়নাত এদিন গৈছিল বহিঃৰাজ্যলৈ, আজি পৰাঠা প্ৰস্তুত কৰি বজাৰ দখল কৰিছে উদ্যোগী দিগন্তই…

নিউজ ডেস্কঃ পেটৰ তাড়নাত এদিন জীৱিকাৰ সন্ধানত বহিঃৰাজ্যলৈ গৈছিল অসমৰ এজন যুৱক।

অসমৰ পৰা কাম বিচাৰি যোৱা আন বহু যুৱকৰ দৰেই তেঁৱো এটা কামৰ বাবে সুদুৰ বাংগালুৰুত ঘুৰ্মুটিয়াই ফুৰিছিল।

কেতিয়াবা যদি কেইটামান টকাৰ বাবদ তেওঁ ছিকিউৰিটী গাৰ্ড হিচাপে কাম কৰিছিল আন কেতিয়াবা আৰু মিস্ত্ৰীৰ লগত কাম কৰিবলৈ গৈছিল।

কিন্তু নিজৰ আৰু গাঁৱত থকা পৰিয়ালটোৰ বাবে দুবেলা দুমুঠি গোটোৱাৰ সময়তে উচ্চাকাংক্ষী যুৱকজনে নিজাকৈ কিবা এটা কৰাৰ সপোন দেখিছিল।

image 154

সেই সপোনেই আজি যেন ঠন ধৰি উঠিছে। উত্তৰ অসমৰ এটা জনপ্ৰিয় পৰাঠা ফেক্টৰীৰ স্বত্বাধিকাৰ এতিয়া সেই যুৱকজন।

এদিন নিজে আনৰ বাবে কাম কৰা যুৱকজনৰ বাবে আজি কাম কৰি আছে ১০ জনকৈ লোকে। যুৱকজনৰ উত্তৰণৰ কাহিনীয়ে আজি অনুপ্ৰানিত কৰিছে আন বহুতকো।

যুৱকজনৰ নাম দিগন্ত দাস। বিশ্বনাথৰ গহপুৰত ঘৰ তেওঁৰ।

কামৰ সন্ধানত দিগন্ত বাংগালুৰুত থকাৰ সয়মতে তাতেই পৰিচয় ঘটিছিল তিনিচুকীয়াৰ সুৰ্য্য থাপা নামৰ আন এজন উচ্ছাকাংক্ষী যুৱকৰ সৈতে।

বাংগালুৰুত অতি জনপ্ৰিয় এটা পৰাঠা কোম্পানীত দুয়োজন যুৱকে কাম কৰাৰ সুযোগ পাইছিল। তাতেই পৰাঠা বনোৱাৰো প্ৰশিক্ষণ লাভ কৰিছিল দিগন্ত আৰু সূৰ্যই।

ইয়াৰ পিছতে উচ্ছাকাংক্ষী যুৱক দুজনে বাংগালুৰৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ যায় আৰু পৰাঠা প্ৰস্তুতৰ বিষয়ে অধিক জানিবলৈ এখন লজত কাম কৰিবলৈ আৰম্ভ কৰে।

তাত প্ৰায় এমাহ কাম কৰাৰ পিছত তাতেই কোঠা এটা ভাড়ালৈ লৈ সৰুকৈ পৰাঠা ফেক্টৰী এটা আৰম্ভ কৰে দিগন্ত আৰু সূৰ্যই।

image 155

কিন্তু সেই সময়তে বিশ্বব্যাপী কোভিড আতংক বিয়পি পৰাত মাত্ৰ ৬ মাহ পিছতে ফেক্টৰীটো বন্ধ কৰি ঘৰলৈ উভতি আহিব লগীয়া হয় দিগন্ত আৰু সূৰ্য।

কিন্তু ঘৰলৈ উভতি অহাৰ পিছত পুনৰ আৰ্থিক দুৰৱাস্থাৰ মাজত সোমাই পৰে দিগন্ত দাস।

পুনৰ কৰ্ম সংস্থাপনৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে তিনিটা পৰাঠা ফেক্টৰীৰ মালিক তথা ওদালগুৰিৰ উদ্যোগী ফইজুল হকৰ সৈতে যোগাযোগ কৰে দিগন্তই।

ইয়াৰ পিছতে দিগন্তই বিশ্বনাথ চাৰিআলিত দিগন্তক পৰাঠা কাৰাখানা এটা স্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

সেই অনুসৰি কিছু ধন গোটাই দিগন্তই বিশ্বনাথ চাৰিআলিত প্ৰথমে সৰুকৈ কাৰাখানা এটা স্থাপন কৰি পৰাঠা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে।

লাহে লাহে দিগন্তৰ ‘ডেইলী ফ্ৰেছ ফুড’ নামৰ কাৰখানাটোৰ পৰাঠা জনপ্ৰিয় হৈ পৰাত বজাৰতো চাহিদা বৃদ্ধি পাবলৈ ধৰে।

এতিয়া তিনিচুকীয়া, ডিব্ৰুগড়, চিলাপথাৰ, ধেমাজি, লখিমপুৰ আদি পৰ্যন্ত বজাৰ দখল কৰিবলৈ সক্ষম হৈছে দিগন্তৰ পৰাঠাই।

তেওঁ জানিবলৈ দিয়া মতে, দৈনিক তেওঁৰ কাৰাখানাত এতিয়া ১৪০০ পেকেট পৰাঠা প্ৰস্তুত হয়। তেওঁৰ কাৰাখানাত প্ৰস্তুত হোৱা ৫ খন পৰাঠাৰ এটা পেকেটৰ মূল্য ৬০ টকা আৰু ১০ খনৰ পেকেটৰ মূল্য ১০০ টকা।

দিগন্তৰ কাৰাখানাত এতিয়া কৰ্মৰত হৈ আছে আন ১০ জন কৰ্মচাৰী।

এদিন বহিঃৰাজ্যত কাম বিচাৰি যোৱা দিগন্ত দাসৰ জীৱনৰ উত্তোৰণে অনুপ্ৰাণিত কৰিছে আন বহু যুৱক-যুৱতীক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!