নিউজ ডেস্কঃ প্ৰাক্তন আলফা সকলক মাহীআইৰ দৃষ্টিৰে চাই আহিছে চৰকাৰে! -এই অভিযোগ প্ৰাক্তন আলফা (স্বাঃ) সমন্বয়ৰক্ষী সমিতিৰ।
বৃহস্পতিবাৰে মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাৱত এক সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে প্ৰাক্তন আলফা (স্বাঃ) সমন্বয়ৰক্ষী সমিতিয়ে।
সমিতিৰ সভাপতি ৰহেন্দ্ৰ মৰাণ ওৰফে গুলী অসমৰ লগতে উপ-সভাপতি হিমালয় অসম, সাংস্কৃতিক সম্পদক অমৃত অসম, ইন্দ্রজিত দত্ত, মদন অসম, উৎপল অসম, ভাইটি অসম প্ৰমুখ্যে মাজুলীৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থকা সংবাদ মেলৰ আৰম্ভণিতে স্মৰণ কৰা হয় কিছুদিন পূৰ্বে অকাল মৃত্যুক সাৱটি লোৱা মাজুলীৰ শিশুশিল্পী তেজস্বিতা বৰুৱাক।
তেজস্বিতা বৰুৱাৰ মৃত্যু মাজুলীবাসীৰ লগতে অসমীয়া সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰি সংগঠনটোৰ নেতৃত্বই তেজস্বিতাৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

ইফালে প্ৰাক্তন আলফা (স্বাঃ) সমন্বয়ৰক্ষী সমিতিয়ে সংবাদ মেলত কয় যে প্ৰাক্তন আলফা নেতাসকলৰ অনেকেই আজিও পেটত গামোছা মাৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে।
অসমৰ জনসাধাৰণৰ সুখ-দুখৰ সমভাগী প্রাক্তন আলফাই অন্যায় নীতিক কেতিয়াও সমৰ্থন নকৰে বুলি মত প্ৰকাশ কৰি সংগঠনটোৰ নেতৃত্বই কয় যে সকলো জাতি-জনগোষ্ঠীৰ সম উন্নয়ন, সম অধিকাৰৰ বাবে কাম কৰাই প্ৰাক্তন আলফা (স্বাঃ) সমন্বয়ৰক্ষী সমিতিৰ মূল্য লক্ষ্য।
আনহাতে প্ৰাক্তন আলফা সকলক চৰকাৰে মাহীআইৰ দৃষ্টিৰে চাই আহিছে বুলি মন্তব্য কৰি সংগঠনটোৰ নেতৃত্বই কয় যে প্ৰাক্তন আলফাসকলক চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা বঞ্চিত কৰা অহা হৈছে।
প্ৰাক্তন আলফাসকলক সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ নকৰিলে আগন্তুক সময়ত চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন কৰাৰো হুংকাৰ দিয়ে সংগঠনটোৱে।
সংবাদমেলত সকলো প্রাক্তন আলফাক একত্ৰিত কৰিবলৈ এখন অভিৱৰ্তন আহ্বান কৰাৰ লগতে সদস্যসকল যি মঞ্চতে নাথাকক কিয় নীতিবহির্ভূত কামৰ পৰা আঁতৰি থাকিবলৈ সকলোকে আহ্বান জনায়।