প্ৰসংগঃ মূল্যবৃদ্ধি! BJP চৰকাৰে নিজকে ৰাইজৰ চৰকাৰ বুলি ভৱাৰ নৈতিক অধিকাৰ নাইঃ AJP

পেট্ৰ’ল ডিজেলৰ লগতে ৰাজ্যত প্ৰতিদিনে হোৰাহোৰে বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য।

মূল্যবৃদ্ধিক লৈ কোনো নিয়ন্ত্ৰণ নাই বিজেপি চৰকাৰৰ।

যাৰ বাবে সমালোচনাৰ সন্মুখিন হৈছে শাসকীয় বিজেপি দল।

মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি চৰকাৰক এইবাৰ তীব্ৰ সমালোচনা কৰিছে অসম জাতীয় পৰিষদে।

এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়- ভাল দিন আৰু পৰিৱৰ্তনৰ সপোন দেখুৱাই ক্ষমতালৈ অহা কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চৰম জনবিৰোধী নীতিৰ ফলশ্ৰতিত আজি অসমত পেট্ৰলৰ মূল্যই এশটকাৰ ঘৰ অতিক্ৰম কৰাৰ লগে লগে দুয়োখন চৰকাৰে নিজকে ৰাইজৰ চৰকাৰ বুলি ভৱাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলালে।

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু নিবনুৱা সমস্যা সমাধানকে ধৰি জনসাধাৰণৰ জীৱন-জীৱিকাৰ মৌলিক সমস্যাসমূহ সমাধানৰ সপোন দেখুৱাই কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ক্ষমতালৈ অহা বিজেপি দলৰ চৰকাৰে গাদীত বহাৰ পিছতেই সকলো জনমুখী প্ৰতিশ্ৰুতি পাহৰি নিৰ্দিষ্ট কিছু পুঁজিপতি গোষ্ঠীৰ বহতীয়া হৈ পৰাৰ মূল্য আজি দেশবাসীয়ে ভৰিবলগা হৈছে বুলি মন্তব্য দলটোৰ।

লগতে কয়- অন্য দলৰ চৰকাৰ থকা দিনত বিজেপিয়ে মূল্যবৃদ্ধিৰ প্ৰতিবাদত দেশ কঁপাইছিল৷ কিন্তু এতিয়া পেট্ৰল-ডিজেল-ৰন্ধন গেছ আৰু খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি দৰৱ আৰু নিৰ্মাণ সামগ্ৰীলৈ সকলোতে অসহনীয় মূল্য বৃদ্ধি হোৱাৰ পিছতো কিন্তু বিজেপি নেতাসকলে মৌনব্ৰত ধাৰণ কৰি আছে৷ এয়া দেশবাসীৰ প্ৰতি কৰা চৰম প্ৰতাৰণ।

Leave a Comment