জামিন পালে চিকিৎসক নভনীল বৰুৱাই, কেনেদৰে আগবাঢ়িব তদন্ত…?

জামিন পালে চিকিৎসক নভনীল বৰুৱাই।

তিনিদিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল ডাঃ বৰুৱাক।

মডেল ৰাজকন্যা বৰুৱাক ৰক্ষণা-বেক্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ডাঃ বৰুৱা।

দিছপুৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিকিৎসক গৰাকীক।

জামিন লাভ কৰিব পৰা ২০১/২১২/১২০(b) ধাৰা আৰোপ কৰা হৈছিল ডা: নভনীল বৰুৱাৰ বিৰুদ্ধে।

দিছপুৰ থানাৰ গোচৰত জামিন লাভ ডাঃ বৰুৱাৰ।

নিৰ্দিষ্ট চৰ্তৰ ভিত্তিত জামিন প্ৰদান কৰা হৈছে ডাঃ নৱনীল বৰুৱাক।

তদন্ত চলি থকা সময়চোৱাত নভনীল বৰুৱাক আৰক্ষীয়ে বিচাৰিলে তদন্তৰ ক্ষেত্ৰত সহযোগিতাত আগবঢ়াব লাগিব।

আনহাতে, অসম এৰি বাহিৰলৈ যাব লগা হ’লেও তেওঁ দিছপুৰ আৰক্ষীক অৱগত কৰি যাব লাগিব।

উল্লেখ্য যে, ডাঃ বৰুৱাৰ বিৰুদ্ধে প্ৰমাণ সাক্ষ্য লুকুৱাৰ অভিযোগ (২০১ ধাৰা), অপৰাধীক আশ্ৰয় বা সুৰক্ষা দিয়া (২১২ধাৰা), নিজে জড়িত হৈ অপৰাধ সৃষ্টি কৰাৰ বাবে ষড়যন্ত্রত (১২০b) ধাৰা লগোৱা হৈছিল।

ডাঃ বৰুৱাৰ তত্বাৱধানত জি এন আৰ চি হস্পিতালত চেমি ICU ত ভৰ্তি হৈছিল বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱা।

বহুচর্চিত এই ঘটনাৰ সৈতে এতিয়া বহু ডাঙৰ মানুহৰ নাম জড়িত হৈ পৰাৰ কথা পোহৰলৈ আহিছে।

সেয়ে, এতিয়া এই তদন্ত কেনেদৰে আগবাঢ়িব তাক লৈ সৃষ্টি হৈছে সন্দেহৰ।

Leave a Comment