প্ৰভু ভক্ত কুকুৰ! নিজৰ জীৱন বলিদান দি সৰ্প দংশনৰ পৰা ৰক্ষা কৰিলে মালিকৰ জীৱন…

কথাতেই কোৱা হয় যে, কুকুৰ প্ৰভুভক্ত।
সেইয়াই যেন পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে এটা কুকুৰে।
নিজৰ জীৱন বলিদান দি সৰ্প দংশনৰ পৰা ৰক্ষা কৰিলে মালিকৰ জীৱন।
উত্তৰ প্ৰদেশৰ ঝান্সিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ পঞ্চায়ত সদস্য অমিত ৰায় নামৰ লোকজন কুকুৰ অনুৰাগী। ঘৰত তেওঁৰ কেইবাটাও কুকুৰ আছে। বুধবাৰে তেওঁ তেওঁৰ গব্বৰ নামৰ কুকুৰটোৰ সৈতে প্ৰতাপপুৰৰ ফাৰ্মহাউচত খোজকাঢ়ি আছিল।
সেই সময়তে হঠাতে এডাল বিষাক্ত সাপে আমিতৰ ফালে চোচা লয়। যিটো অমিতে লক্ষ্য কৰা নাছিল যদিও তেওঁৰ পোহনীয়া কুকুৰটোৰ চকুত পৰে আৰু লগে লগে মালিকক খুটিবলৈ অহা সাপদালৰ ওপৰত জঁপিয়াই পৰে আৰু সাপটোৰ সৈতে যুঁজ দি সাপটোক হত্যা কৰে।
অৱশ্যে এই সময়চোৱাত সাপটোৱে কুকুৰটোক কামোৰে। যাৰ ফলত বিষক্ৰিয়া হৈ কুকুৰটোৰ মৃত্যু হয়।
জানিব পৰা মতে, অমিতে পাঁচ বছৰ আগতে আমেৰিকান বুলি কুকুৰটো কিনিছিল। তেওঁ ইয়াক নাম দিছিল গব্বৰ। যদিও ঘৰত বহুতো পোহনীয়া জন্তু আছিল, অমিত গব্বৰৰ সৈতে অলপ বেছি মৰমৰ আছিল।
এই ঘটনাৰ পিছতে শোকত ভাগি পৰিছে অমিতৰ লগতে তেওঁৰ পৰিয়াল।