ছাত্ৰ-ছাত্ৰীক গুলী খাবলৈ এৰি দি ফাইভ ষ্টাৰ হোটেলত থাকে নেকি ছাত্ৰ সংগঠনৰ নেতাঃ যাদৱ পায়েং

‘আমি কেৱল আন্দোলন মুখি হ’লে নহ’ব।’

‘আইনে আন্দোলন কি বুজি নাপায়’

এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অৰণ্য মানৱ যাদৱ পায়েঙে।

তেওঁ কয়- নৱম, দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক আন্দোলনলৈ আগবঢ়াই গুলী খাবলৈ এৰি দি ফাইভ ষ্টাৰ হোটেলত থাকে নেকি ছাত্ৰ সংগঠনৰ নেতা? সিঁহতে আগত যাওক ল’ৰা-ছোৱালীহতক কিয় মৰিব দিব লাগে।?

লগতে তেওঁ সংবাদমাধ্যমৰ আগত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ধমক দিয়াৰ কথাও সদৰি কৰে।

তেওঁ কয়- ‘ঐ বাঘজানত অপহৰণ কৰি ধনদাবী কৰিবলৈ তোৰ লাজ নালাগে।’ এই ধমৰ পিছতে পিছদিনা অপহৃতজনক এৰি দিয়া বুলি সদৰি কৰে পায়েঙে।

আমি সৰুকালৰ পৰা আন্দোলনমুখী হ’লে নহ’ব। আন্দোলনে কি দিব? আইনে আন্দোলন বুজি নাপায়। আইনৰ আঘত পৰিলে গুলীয়াবই। এইবোৰক আমি জাতীয় শ্বহীদ বুলি ঘোষণা কৰিলে নহ’ব। মানৱ সম্পদ গঢ়িবলৈ সৰুৰ পৰাই শিক্ষা আৰু জ্ঞান দিব লাগিব। তেতিয়াহে দেশৰ উন্নয়ণ হ’ব- পায়েং।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষ্যে জাগীৰোডত অৰণ্য মানৱ পায়েঙক সন্মান প্ৰদান। এই বঁটা অনুষ্ঠানতে যাদৱ পায়েঙে কৰিলে কেতবোৰ বিস্ফোৰক মন্তব্য।