প্ৰকৃত যােদ্ধা! ৰাছিয়াৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ নামত অসমত চাহ

নিউজ ডেস্ক। ৰাছিয়াৰ বিশাল সামৰিক শক্তিৰ বিৰুদ্ধে অতি দক্ষতাৰে যুদ্ধক নেতৃত্ব দিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ নামত অসমৰ এৰ’মিকা চাহে কৰিছে ব্ৰেণ্ডিং।
জেলেনস্কিৰ দক্ষতা আৰু সাহসক সন্মান জনাই অসমৰ ৰঞ্জিত বৰুৱাই এৰ’মিকা কোম্পানীৰ নতুন অর্থডক্স চাহৰ নাম ‘জেলেনস্কি’ ৰাখিছে।
ইতিমধ্যে অনলাইনত বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে এই চাহবিধ।

ৰাছিয়াৰ বিৰুদ্ধে সমুখ সমৰত অৱতীৰ্ণ হৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে যিদৰে শক্তিশালী স্থিতি দেখুৱাবলৈ সক্ষম হৈছে ঠিক তেনেদৰেই ‘জেলেনক্সি’ নামৰ বিশেষ চাহৰো শক্তি আছে বুলি মন্তব্য কৰে ৰঞ্জিত বৰুৱাই।
তেওঁ লগতে কয় যে নতুনকৈ মুকলি কৰা শক্তিশালী অসমৰ ক’লা চাহ— জেলেনস্কি হৈছে শক্তিশালী অসম চিটিচি আৰু হস্তশিল্প কাৰিকৰীৰ (আৰ্টিচনেল হেণ্ডক্রাফটেড) অসম অর্থোড’ চাহৰ এক বিশেষ মিশ্রণ।

উল্লেখ্য যে, এখন সৰু ৰাষ্ট্ৰ হৈও ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ সবল নেতৃত্বত ৰাছিয়াক বৰ্তমানো পৰাভূত কৰি ৰাখিবলৈ সক্ষম হৈছে ইউক্ৰেইনৰ সেনাই।
অসম বা ভাৰতৰ মানুহে ভল’ডিমিৰ জেলেনস্কিক বাস্তৱত দেখা নাপালেও তেওঁৰ নামৰ চাহ খাই নিজৰ শক্তিৰ অনুমান কৰিব পাৰিব বুলিও কোম্পানীটোৱে মন্তব্য কৰে।

ৰঞ্জিত বৰুৱাই কয়, ‘এই ‘মাল্টি ফ্লেভাৰ’ৰ চাহে আপোনাক উজ্জীৱিত কৰি তুলিব পাৰে।’ উল্লেখ্য যে, ৰঞ্জিত বৰুৱাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এৰ’মিকা টিৰ বিভিন্ন প্ৰকাৰৰ চাহে এতিয়া দখল কৰিছে বিশ্বৰ কেইবাখনো দেশৰ বজাৰ।
প্ৰথম অৱস্থাত ৫ প্ৰকাৰৰ চাহ প্ৰস্তুত কৰা এৰ’মিকা টিয়ে এতিয়া ৪২ প্ৰকাৰৰ চাহ প্রস্তুত কৰে। ভোট জলকীয়াৰ চাহ, নীলা চাহৰ জৰিয়তে এৰ’মিকা টি সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয় হৈ উঠিছে।

ইপিনে, ১০-১৫ দিনৰ ভিতৰত বিভিন্ন ই-কমার্চ ছাইটত বিক্ৰীৰ বাবে উপলব্ধ হ’বলগীয়া চাহবিধৰ পৰা লাভ কৰা এটা অংশ যুদ্ধত স্থানচ্যুৎ হোৱা ইউক্রেনিয়ান লোকৰ সহায় তথা মানৱীয় ক্ষেত্ৰত দান দিবলৈ পালে সুখী হ’ব বুলিও মত ব্যক্ত কৰিছে ব্যৱসায়ী বৰুৱাই।