ৰাষ্ট্ৰীয়

পেৰালিম্পিকত ভাৰতৰ তৃতীয়টো পদক, ডিচকাছ থ্ৰ’ত বিনোদ কুমাৰৰ ব্ৰঞ্জৰ পদক লাভ…

টকিঅ’ৰ পৰা আন এক ভাল খবৰ আহিছে দেশবাসীলৈ।

পেৰালিম্পিকত ভাৰতৰ তৃতীয়টো পদক লাভ।

পুৰুষৰ ডিচকাছ থ্ৰ’ত ব্ৰঞ্জৰ পদক লাভ ভাৰতৰ বিনোদ কুমাৰৰ।

বিনোদ কুমাৰৰ এই সফলতাৰ পাছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্ঞাপন কৰিছে শুভেচ্ছা।

টুইটত প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে- বিনোদ কুমাৰৰ কঠোৰ শ্ৰম আৰু লক্ষ্যপ্ৰাপ্তিৰ প্ৰতি থকা সাধনাই দেশক সুন্দৰ ফলাফল দিলে।

উল্লেখ্য যে, ভাৰতে এতিয়ালৈ টকিঅ’ পেৰালিম্পিকত দুটা ৰূপ, এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

ভাৰতৰ হৈ মহিলাৰ টেবল টেনিছত ভাৱিনা পেটেল আৰু হাই জাম্পত নিশাদ কুমাৰে ৰূপৰ পদক অৰ্জন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *