fbpx
অসম

পুনৰ অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা, নিহত গৰুৰ চোৰাং বেপাৰী ছাকান আলী…

পুনৰ অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।

আৰক্ষীৰ গুলীত নিহত গৰুৰ চোৰাং বেপাৰী ছাকান আলী।

ধুবুৰী জিলাৰ বিলাসীপাৰাত পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা।

এনকাউণ্টাৰত এজন চোৰাং গৰু সৰবৰাহকাৰী নিহত হোৱাৰ লগতে এজন আহত হৈছে।লগতে আৰক্ষীয়ে আটক কৰিছে এজনক।

নিহত গৰু ব্যৱসায়ীজন ছাকান আলী বুলি চিনাক্ত কৰা হৈছে।

আনহাতে আৰক্ষীৰ গুলীত আহত হৈছে গৰু বেপাৰী নাছিৰ আলী।

আহত নাছিৰ আলীক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইফালে আৰক্ষীয়ে ছহিদুল আলী নামৰ আন এজন গৰু বেপাৰীক আটক কৰিবলৈও সক্ষম হয়।

জানিব পৰা মতে, এ এছ ১৭ ই- ০৮৩৭ নম্বৰৰ এখন টাটা ইণ্ডিগ’ বাহনত চোৰাংভাৱে গৰু সৰবৰাহ কৰাৰ তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল।

কিন্তু সৰবৰাহকাৰীৰ দলটোৱে আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা চলোৱাত আৰক্ষীয়ে গাড়ীখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে।

আক্ষীৰ গুলীত এটা গৰুৰো মৃত্যু হয় বুলি জানিব পৰা গৈছে। 

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!