পুত্ৰৰ জন্মদিন উদযাপন কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত পৰিয়াল! ৰাজপথত অগ্নিদগ্ধ হৈ মৃত্যু ৭ জনৰ

নিউজ ডেস্কঃ দুৰ্ঘটনাৰ পিছতে ৰাজপথত দপদপকৈ জ্বলি উঠা এখন ব্যক্তিগত বাছৰ ভিতৰত অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে শিশুসহ ৭ জনে। এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ কৰ্ণাটকৰ কলাবুৰাগী জিলাৰ কমলাপুৰা নগৰত।

আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে এখন ব্যক্তিগত বাছেৰে গোৱাৰ পৰা হায়দৰাবাদলৈ গৈ আছিল প্ৰায় ২৯ জন যাত্ৰী। বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই কালাবুৰাগীৰ কমলাপুৰত এখন সামগ্ৰী কঢ়িওৱা বাহনত খুন্দা মৰাৰ পিছতে ৰাজপথৰ ওপৰত লুটি খাই পৰে আৰু তাৰ পিছতে জুইৰ সূত্ৰপাত হয়।

দুৰ্ঘটনাটোত অগ্নিদগ্ধ হৈ ৭ জনৰ মৃত্যু ঘটাৰ লগতে বাকী যাত্ৰীসকল আহত হয়। স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে আহত সকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে।

image 45
পুত্ৰৰ জন্মদিন উদযাপন কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত পৰিয়াল! ৰাজপথত অগ্নিদগ্ধ হৈ মৃত্যু ৭ জনৰ 3

দুৰ্ঘটনাত নিহত সকলক অৰ্জুন (৩৭); তেওঁৰ পত্নী সৰলাদেৱী (৩৫); তেওঁলোকৰ পুত্ৰ বিৰণ (২); আৰু শিৱকুমাৰ (৩৫); তেওঁৰ পত্নী লাৱণ্যা (৩০); তেওঁলোকৰ কন্যা দীক্ষিতা (৯); আৰু অনিতা (৪০) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, হায়দৰাবাদৰ নিৱাসী অৰ্জুনে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে পুত্ৰৰ জন্মদিন পালন কৰিবলৈ গোৱালৈ গৈ থকাৰ সময়তে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়।

image 46
পুত্ৰৰ জন্মদিন উদযাপন কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত পৰিয়াল! ৰাজপথত অগ্নিদগ্ধ হৈ মৃত্যু ৭ জনৰ 4

ইফালে দুৰ্ঘটনাত শোক ব্যক্ত কৰি মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই নিহত সকলক পৰিয়ালক ৩ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰিছে।

Leave a Comment