ৰাষ্ট্ৰীয়

পিতৃৰ পদাংক অনুসৰণ কৰি ITBP ত বিষয়া হিচাপে নিযুক্তি লাভ কৰিলে কন্যাই

নিউজ ডেস্ক। এক আৱেগিক ক্ষণ! জ্যেষ্ঠ বিষয়া হিচাপে নিযুক্তি লাভ কৰা কন্যাক চেল্যুট পিতৃৰ।

উল্লেখ্য যে দেওবাৰে ইণ্ডো তিব্বত সীমান্ত আৰক্ষীৰ (আইটিবিপি) বাবে এক ঐতিহাসিক দিন।

পোন প্ৰথমবাৰৰ বাবে দুগৰাকী মহিলা বিষয়াক যুঁজাৰু ভূমিকাত অন্তৰ্ভুক্ত কৰা হয় বাহিনীত। য’ত সহকাৰী কামাণ্ডেণ্ট হিচাপে যোগদান কৰোৱা হয় দুয়োকে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ উপস্থিতিত মুচৌৰীৰ আইটিবিপি একাডেমীত অনুষ্ঠিত পাছিং-আউট পেৰেডত অংশগ্ৰহণ কৰে ৪২ জন সাধাৰণ কৰ্তব্যৰ সহকাৰী কামাণ্ডেণ্ট আৰু ১১ জন অভিযন্তা বিভাগৰ সহকাৰী কামাণ্ডেণ্টে।

সেই দলৰ অংশ আছিল প্ৰকৃতি আৰু দীক্ষা নামৰ দুগৰাকী মহিলা বিষয়া।

উল্লেখ্য যে প্ৰকৃতি এগৰাকী বৈদ্যুতিক অভিযন্তা।

আনহাতে দীক্ষাৰ পিতৃ হৈছে সীমান্ত ৰক্ষী বাহিনীত পৰিদৰ্শক হিচাপে কৰ্মৰত বিষয়া।

সহকাৰী কামাণ্ডেণ্ট দীক্ষাই কয়, “মোৰ দেউতা মোৰ আদৰ্শ। যিহেতু তেওঁ সদায় মোক অনুপ্ৰাণিত কৰি আহিছিল।”

চীন-ভাৰতৰ সীমান্ত ৰক্ষা কৰা আইটিবিপি হৈছে কেন্দ্ৰীয় সেনা আৰক্ষী বাহিনীৰ পাঁচটাৰ ভিতৰত অন্তিম। য’ত প্ৰথমবাৰৰ বাবে যুঁজাৰু ভূমিকাত মহিলা বিষয়া নিয়োগ কৰা হয়।

ইয়াৰ পূৰ্বে চিকিৎসা শাখাত সেৱা আগবঢ়োৱা বিষয়া হিচাপে আইটিবিপিত যোগদান কৰিছিল মহিলাই। যিটো নিযুক্তি দিয়া হৈছিল ২০১৬ চনত।

সেই নিযুক্তি দিয়া হৈছিল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে। য’ত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা মহিলাক যুঁজাৰু বিষয়া হিচাপে নিযুক্তি দিয়াত অনুমোদন জনোৱা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *